জাপানৰ আইচি-নাগোয়া এছিয়ান গেমছৰ মহিলা হকীৰ ফাইনেলত ভাৰতে চীনক ১-০ ব্যৱধানত পৰাস্ত কৰি ঐতিহাসিক স্বৰ্ণপদক অৰ্জন কৰে। ভাৰতীয় মহিলা হকী দলৰ এই অভূতপূৰ্ব বিজয়ৰ অন্যতম অংশীদাৰ মিজোৰামৰ দুই তাৰকা খেলুৱৈ লালমেছিয়ামী আৰু লালথান্টলুৱাংগি।দুয়োগৰাকী খেলুৱৈৰ এই সাফল্যক স্বীকৃতি জনাই মিজোৰাম চৰকাৰে দুয়োলৈ ২৫ লাখ টকাকৈ আৰ্থিক পুৰস্কাৰ ঘোষণা কৰিছে।
এই সন্দৰ্ভত মিজোৰামৰ ক্ৰীড়ামন্ত্ৰী পু লালংনিংলোভা হমাৰে কয়, ‘‘দুয়োগৰাকী খেলুৱৈৰ সাফল্যত ৰাজ্য চৰকাৰ গৌৰৱান্বিত । এছিয়ান গেমছৰ মহিলা হকীত আমাৰ দুগৰাকী খেলুৱৈ ক্ৰমে লালমেছিয়ামী আৰু লালথান্টলুৱাংগিয়ে স্বৰ্ণপদক লাভ কৰাত চৰকাৰ অত্যন্ত আনন্দিত । Mizoram State Sports Incentive Scheme-ৰ অধীনত দুয়োগৰাকী খেলুৱৈকে ২৫ লাখকৈ টকা প্ৰদান কৰা হ’ব।’’
৫ অক্টোবৰ অৰ্থাৎ সোমবাৰে দুয়োগৰাকী হকী খেলুৱৈ এছিয়ান গেমছৰ পৰা উভতি আহি লেংপুই বিমানবন্দৰত উপস্থিত হ’ব ৷ বিমানবন্দৰত তেওঁলোকক দিনৰ ১.৩০ বজাত আদৰণি জনোৱাৰ পিছত বিয়লি ৩ বজাৰ পৰা মুয়ালপুই চেলেম ভেঙৰ আৰ ডেংথুয়ামা হলত মুখ্যমন্ত্ৰী পু লালদুহোমাৰ(Pu Lalduhoma) নেতৃত্বত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব ।
