মানি ল’ব নোৱৰা বিচাৰ,উচ্চতম ন্যায়ালয়লৈ লৈ যাওকঃ গৰিমা গাৰ্গ

 


প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভা মহন্তৰ জামিন লাভক লৈ তীব্ৰ অসন্তুষ্টি আৰু ক্ষোভ প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে। উচ্চ ন্যায়ালয়ে অভিযুক্তক জামিন প্ৰদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সামাজিক মাধ্যমত কৰিছে  পোষ্ট।

পোষ্টটোত গৰিমাই লিখিছে যে-  ৯ অক্টোবৰৰ পৰা আজি এটা সপ্তাহ পাৰ হ'ল ! উচ্চ ন্যায়ালয়ৰ বিচাৰ মনোমত নহ'লে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সুবিধা আছে ।
State of Assam vs Accused ৰ এই case টোত state ৰ অভিজ্ঞ SIT দলৰ বাবে এতিয়া যি হৈ আছে,এই সকলো গ্ৰহণযোগ্য নে ? জুবিন গাৰ্গৰ প্ৰতি এইখিনিয়েই দায়িত্ব আৰু কৰ্তব্য নে ? ইমানকণেই‌ মাথো আবেগ আৰু অনুভৱনে ?
শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ case দুটা উচ্চতম ন্যায়ালয়লৈ নিয়া হৈছিল । এতিয়া চাওক তাৰপৰা যাতে সেই দুটা দানৱ ওলাই আহিব নোৱাৰে আৰু তেনেকৈ বাকী দোষীয়েও কোনোপধ্যেই কোনো ফালৰ‌পৰা ৰেহাই নাপায় । গতিকে, মানি ল'ব নোৱাৰা বিচাৰ উচ্চতম ন্যায়ালয়লৈ লৈ যাওক। অন্যথা আমি ভাৱি ল'ম যে আপোনালোকে "অসম অসমকৈ" নিজৰ সৰ্বস্ব উজাৰি দিয়া প্ৰাণৰ শিল্পীজনৰ এইয়াই প্ৰাপ্য বুলি নীৰৱে ঘোষণা কৰিলে আৰু অপৰাধীৰ আগত পৰাজয় স্বীকাৰ কৰিলে ।

Post a Comment

Previous Post Next Post