ঢকুৱাখনাৰ শ্ৰী শ্ৰী হাৰ্হি গোঁসানী থানত হাঁহ ,ছাগলী ,কোমোৰা বলিৰে ষষ্ঠী পূজাৰ শুভাৰম্ভ


 

১৭২২ খ্ৰীষ্টাব্দৰ পৰা নিৰন্তৰ ভাবে তিনি শতিকাৰো অধিক কাল শাক্ত ধৰ্মী বলি বিধানেৰে শ্ৰী শ্ৰী দুৰ্গা পূজা অনুষ্ঠিত কৰি আহিছে ঢকুৱাখনাৰ একক ঐতিহাসিক শক্তি পীঠ গোঁসানী থানত। শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয় নামেৰে খ্যাত এই উত্তৰ অসমৰ প্ৰাচীন শক্তি পীঠত শুক্ৰবাৰৰ  পৰা আৰম্ভ হৈছে দেৱীৰ ৰক্ত পূজন।

ঢকুৱাখনা সমজিলাৰ দেউলীয়া গাঁওস্থিত এই পৌৰাণিক থানত ষষ্ঠী তিথিৰ পৰাই আৰম্ভ হৈছে হাঁহ ,ছাগলী , বেল , কুঁহিয়াৰ ,কোমোৰা আদি দেৱীৰ নামত উৎসৰ্গা কৰি বলি দানেৰে পূজা অৰ্চনা ।পবিত্ৰ মহালয়াৰ পৰাই দৈনন্দিন পূজা অৰ্চনাৰ বাহিৰে  সকলো বলি বিধান সম্পূৰ্ণ ৰূপে বন্ধ থকাৰ পাছত আজি ষষ্ঠী তিথিৰ সন্ধিয়াৰ পৰা আৰম্ভ হৈছে বলি বিধানেৰে আই গোঁসানীৰ পূজা ।

পবিত্ৰ ষষ্ঠী পূজাৰ দিনৰে পৰা ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰৰ  অগণন ভক্ত প্ৰাণ ৰাইজ , দর্শনাৰ্থী ,সেৱকীৰ আগমন ঘটা এই ইতিহাস প্ৰসিদ্ধ হাৰ্হি দেৱালয়ত মহাঅষ্টমী পৰ্যন্ত অভূতপূৰ্ব জনসমাগম পৰিলক্ষিত হয় । আজিও এনে  ভক্তিভাব পূৰ্ণ পৰিবেশে বিৰাজ কৰে থান প্ৰাঙ্গনত । পুৱাই হাতে হাতে মনোবাঞ্চা পূৰণৰ হকে দেৱীলৈ উৎসৰ্গিত ছাগলী ,হাঁহ , কোমোৰা ,জৰা কুঁহিয়াৰ  আদি পূজন সামগ্ৰী লৈ আগমন ঘটা ভক্তৰ প্ৰসাদ দেৱীৰ শ্ৰী চৰণত অৰ্পণ কৰাৰ পাছত নিশা বলি দান পৰ্ব সম্পন্ন কৰা হয়  । আজিৰ পৰা মহা অষ্টমী পৰ্যন্ত পৰম্পৰাগত বিধি বিধানেৰে দৈনন্দিন পূজাৰ লগতে অসংখ্য শংখ ,ছাগল আৰু মহা অষ্টমীৰ দিনা তিনিটা গুণা মহ বলিৰে দেৱী পূজা অৰ্চনা সম্পন্ন কৰা হ'ব ।  পবিত্ৰ  দশমী পৰ্যন্ত  দেৱী পূজাৰ সুদীর্ঘ সময় চোৱাত ভক্ত সমাজে শান্তি শৃংখলা আৰু শৃংখলিত পৰিবেশ বর্তাই ৰাখি পূজা অৰ্চনাত ভাগ লোৱাৰ আহ্বান জনাইছে ঐতিহাসিক থান পৰিচালনা সমিতিয়ে  ।

 থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি মুনিন বৰঠাকুৰ , উপ সভাপতি অৰুণ জ্যোতি চুতীয়া ,পৰেশ বৰুৱা ,সম্পাদক শোভন বৰুৱা ,সহকাৰী সম্পাদক বাবুল চুতীয়া, সদস্য মীন পাচনী,কেশৱ চুতীয়া, বগেন চুতীয়া , ভোগেশ্বৰ চুতীয়া আদিকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক সদস্য আৰু ভক্তই  এই ক্ষেত্ৰত সতৰ্ক দৃষ্টি ৰাখি ঐতিহাসিক থান চৌহদত সুৰাসক্ত বা নিচাসক্ত ব্যক্তিৰ প্ৰৱেশ বাৰণ কৰি শৃংখলাবদ্ধ ভাবে পূজা উপভোগৰ আহ্বান জনাইছে ।  

অন্যহাতে ঢকুৱাখনা সমজিলাৰ ঢকুৱাখনা সদৰ ,সোনাৰী চাপৰি , বকুলগুৰি , ঘিলামৰা ,বেবেজীয়া , ৰূপহী আদি অঞ্চলৰ লগতে ঐতিহাসিক শ্ৰী শ্ৰী মা মণিপুৰী থানতো পৰম্পৰাগত ৰীতি নীতিৰে আজিৰ পৰা আৰম্ভ হৈছে দেৱী বন্দনা । আটক ধুনীয়া পূজা মণ্ডপ , দৃষ্টিনন্দন দেৱী প্ৰতিমা ,ঢাক ,ঢোল ,কাঁহ ,শংখ  ,আৰতি , উৰুলিৰ ছন্দোময় পৰিবেশৰ মাজত বিনন্দিয়া ৰূপ লোৱা এইবাৰৰ পূজা শান্তিপূৰ্ণ ভাবে অনুষ্ঠিতকৰণত ঢকুৱাখনা সমজিলা প্ৰশাসন আৰু সমজিলা আৰক্ষী আয়ুক্ত প্ৰশাসন তৎপৰ হৈ পৰিছে। এইক্ষেত্ৰত জাৰি কৰিছে বহুতো সতৰ্কতামূলক নীতি নিৰ্দেশনা।

Post a Comment

Previous Post Next Post