চিলাপথাৰত বিধ্বংসী অগ্নিকাণ্ড


  

চিলাপথাৰ থানাৰ অন্তৰ্গত নিলখপুৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বিদ্যুতৰ শ্বৰ্ট-চাৰ্কিটৰ ফলত সূত্ৰপাত ঘটা এই বিধ্বংসী জুইত গাঁৱখনৰ নিৰীহ অ’ট’ চালক আনন্দ দত্তৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

প্ৰাপ্ত খবৰ অনুসৰি, জুইৰ লেলিহান শিখাই নিমিষতে আগুৰি ধৰে আনন্দ দত্তৰ বাসগৃহ। অগ্নিকাণ্ডৰ ফলত ঘৰত থকা সকলো ঘৰুৱা সামগ্ৰী, গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু নগদ ধন ভস্মীভূত হয়। কেৱল বাসগৃহই নহয়, ঘৰৰ সংলগ্ন আনন্দ দত্তৰ উপাৰ্জনৰ মূল সম্বল হিচাপে থকা গেলামালৰ দোকানখনো জুইত জাহ যায়।

পূজাৰ আনন্দ-উল্লাসৰ সময়তে সংঘটিত এই আকস্মিক ঘটনাত সৰ্বস্ব হেৰুৱাই নিশাটোৰ ভিতৰতে নি:সম্বল হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো। চাৰিওফালে উৎসৱৰ পৰিৱেশ থকাৰ বিপৰীতে পৰিয়ালটোৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

এই দুৰ্যোগৰ সময়ত ভুক্তভোগী সৰ্বস্বান্ত পৰিয়ালটোক জৰুৰীভাৱে জিলা প্ৰশাসন তথা চৰকাৰৰ ফালৰ পৰা উপযুক্ত আৰ্থিক সাহায্য প্ৰদান কৰি উদ্ধাৰৰ ব্যৱস্থা কৰিবলৈ দাবী আৰু আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

Post a Comment

Previous Post Next Post