গ্ৰেপ্তাৰ বিজেপি-আপৰ দুই নেতা




  দক্ষিণ শালমাৰা-মানকাচৰ জিলাত গো-সৰবৰাহ আৰু গো শালাৰ পৰা পশুধন অন্তৰ্ধানৰ পৃথক ঘটনাক কেন্দ্ৰ কৰি দুজন ৰাজনৈতিক নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে। গ্ৰেপ্তাৰ হোৱা ৰাজনৈতিক নেতা  দুজন  ‘আম আদমি পাৰ্টি’ৰ প্ৰাক্তন জিলা সভাপতি হজৰত আলী আহমেদ আৰু বিজেপিৰ কিষাণ মৰ্চাৰ জিলা সভাপতি অজয় পাল।  

উল্লেখ্য যে, দক্ষিণ শালমাৰা আৰক্ষীয়ে গো-সৰবৰাহৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকাৰ অভিযোগত আম আদমি পাৰ্টিৰ প্ৰাক্তন জিলা সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক হজৰত আলী আহমেদক শনিবাৰে গ্ৰেপ্তাৰ কৰে। লগতে গ্ৰেপ্তাৰৰ পাছত আৰক্ষীয়ে তেওঁক আদালতত হাজিৰ কৰায়। আদালতে পৰৱৰ্তী সময়ত তেওঁক ধুবুৰী কাৰাগাৰলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। 

আনহাতে, জিলাখনৰ বিভিন্ন গো শালা আৰু খোৱাৰত আদালতৰ নিৰ্দেশত সংৰক্ষণ কৰি ৰখা বৃহৎ সংখ্যক জব্দকৃত গৰু নোহোৱা হোৱা সন্দৰ্ভত চলোৱা দীৰ্ঘদিনীয়া তদন্তৰ অন্তত বিজেপিৰ কিষাণ মৰ্চাৰ জিলা সভাপতি অজয় পালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ধুবুৰী জে’ললৈ প্ৰেৰণ কৰিছে।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, প্ৰায় চাৰি বছৰ পূৰ্বে ‘অসমীয়া প্ৰতিদিন’ কাকতত দক্ষিণ শালমাৰাৰ স্থানীয় সংবাদদাতাই এই অনিয়মৰ বিষয়ে প্ৰথম বাতৰি প্ৰকাশ কৰিছিল। আৰক্ষী আৰু বি এছ এফে বিভিন্ন সময়ত জব্দ কৰা গৰু আদালতৰ নিৰ্দেশত সংৰক্ষণৰ বাবে জিলাখনৰ ৭খন গোশালা আৰু খোৱাৰাত ৰখা হৈছিল। পৰৱৰ্তী সময়ত তথ্য পোহৰলৈ আহে যে জমা থকা ১৩৫৬টা পশুধনৰ ভিতৰত৯৯১টা পশুধন অন্তৰ্ধান হৈছে।

 ‘অসমীয়া প্ৰতিদিন’ত গোশালাৰ অনিয়ম সম্পৰ্কীয় বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই অৱস্থা উত্তপ্ত হৈ পৰে। ইপিনে অজয় পালৰ নেতৃত্বত এটা দলে বাতৰি পৰিৱেশন কৰা স্থানীয় সংবাদদাতাজনক আক্ৰমণ কৰে।খাৰুৱাবান্ধা আৰক্ষী চকীত সংবাদদাতাগৰাকীয়ে এজাহাৰ দিবলৈ চেষ্টা কৰে যদিও প্ৰথম অৱস্থাত এজাহাৰ গ্ৰহণ কৰা হোৱা নাছিল বুলি অভিযোগ উঠে। পিছত জিলা আৰক্ষী অধীক্ষকক বিষয়টো অৱগত কৰে। 

সংবাদদাতাগৰাকীৰ বিৰুদ্ধে ওলোটাই গোচৰ তৰা হয় আৰু 'প্ৰতিবিম্ব লাইভ' নামৰ এটা ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা হয়। অৱশ্যে, বিষয়টো আদালতলৈ যোৱাত আদালতে সমগ্ৰ তথ্য প্ৰমাণ পৰীক্ষা কৰি 'অসমীয়া প্ৰতিদিন'ৰ সাংবাদিকগৰাকীক সম্পূৰ্ণ দোষমুক্ত বুলি ৰায় দিয়ে।

দীৰ্ঘদিন ধৰি অভিযুক্তসকলৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা নোলোৱাক লৈ জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল। অৱশেষত আইনী প্ৰক্ৰিয়াৰ অন্তত অজয় পালৰ গ্ৰেপ্তাৰৰ পাছত এতিয়া আন আন জড়িত ব্যক্তিসকলৰ ভূমিকাও তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে। ইপিনে গোশালাসমূহৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰু পশুধনৰ প্ৰকৃত হিচাপ পৰীক্ষা কৰা হৈছে। ভুৱা মৰণোত্তৰ পৰীক্ষাৰ (Post-mortem) প্ৰতিবেদন দেখুৱাই গৰুসমূহ চৰাবাই কৰা হৈছিল নেকি, সেই দিশতো তদন্ত আগবাঢ়িলে আৰু বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে।

Post a Comment

Previous Post Next Post