গৰুৰ প্ৰস্ৰাৱক তৰল সাৰলৈ ৰূপান্তৰৰ গৱেষণালৈ ভাৰত চৰকাৰৰ পেটেণ্ট


 

গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অসমলৈ গৌৰৱ কঢ়িয়াই অনা গহপুৰ সমজিলাৰ খাৰৈগুৰিৰ বিশিষ্ট গৱেষক ড° ঋতুপৰ্ণ শইকীয়া আৰু তেওঁৰ পত্নী দিশা বৰুৱাই আজি কন্যকাত উপস্থিত হৈ সৌহাৰ্দ্যপূৰ্ণ সাক্ষাৎ কৰে নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক। গৱেষকগৰাকীৰ সৈতে হোৱা বাৰ্তালাপ অনুপ্ৰেৰণাদায়ক বুলি উল্লেখ কৰি তেওঁৰ এই উল্লেখযোগ্য সাফল্যৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে বিধায়ক পদ্ম হাজৰিকাই।

উল্লেখযোগ্য যে, ২০২১ বৰ্ষৰ পৰাই কন্যকা বহুমুখী কৃষি পামত গৰু, ম'হ আৰু গাহৰিৰ প্ৰস্ৰাৱৰ দৰে জৈৱিক সম্পদক বৈজ্ঞানিক গৱেষণাৰ জৰিয়তে কৃষিক্ষেত্ৰত ব্যৱহাৰযোগ্য উচ্চমানৰ তৰল সাৰলৈ ৰূপান্তৰ কৰাৰ দিশত এক সুদূৰপ্ৰসাৰী গৱেষণামূলক প্ৰচেষ্টা চলি আহিছিল। নিৰন্তৰ গৱেষণা আৰু প্ৰচেষ্টাৰ ফলস্বৰূপে এই উদ্ভাৱনে শেহতীয়াকৈ লাভ কৰা স্বীকৃতিয়ে আশাৰ বতৰা কঢ়িয়াই অনা বুলি উল্লেখ কৰে বিধায়ক পদ্ম হাজৰিকাই।

তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ড° ৰবীন কুমাৰ দত্ত আৰু বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন গৱেষক ছাত্ৰ ড° ঋতুপৰ্ণ শইকীয়াৰ যুটীয়া গৱেষণালব্ধ উদ্ভাৱন “VALUE-ADDED CATTLE URINE AS LIQUID FERTILIZER”-ৰ বাবে ভাৰত চৰকাৰৰ পেটেণ্ট কাৰ্যালয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ নামত আনুষ্ঠানিকভাৱে পেটেণ্ট প্ৰদান কৰিছে।

গৰুৰ প্ৰস্ৰাৱৰ দৰে সহজলভ্য জৈৱিক সম্পদক বৈজ্ঞানিক পদ্ধতিৰে মূল্য সংযোজন কৰি কৃষিক্ষেত্ৰত ব্যৱহাৰযোগ্য তৰল সাৰ হিচাপে প্ৰয়োগৰ সম্ভাৱনাক কেন্দ্ৰ কৰি কৰা এই গৱেষণাই বিকল্প আৰু মূল্য সংযোজিত কৃষি-উপাদানৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি কৰা বুলি উল্লেখ কৰে বিধায়ক পদ্ম হাজৰিকাই।

অধ্যাপক ড° ৰবীন কুমাৰ দত্ত আৰু গৱেষক ড° ঋতুপৰ্ণ শইকীয়াৰ এই গৱেষণালব্ধ সাফল্য তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষণা আৰু উদ্ভাৱনীমূলক কাৰ্যকলাপৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সংযোজন হিচাপে বিবেচিত হোৱাৰ কথা উল্লেখ কৰে বিধায়ক পদ্ম হাজৰিকাই। একেদৰে গহপুৰৰ সন্তান ড° ঋতুপৰ্ণ শইকীয়াৰ এই সফলতাই অঞ্চলটোৰ যুৱ প্ৰজন্মৰ মাজতো গৱেষণা আৰু উদ্ভাৱনৰ প্ৰতি উৎসাহ বৃদ্ধি কৰাৰ সম্ভাৱনা কঢ়িয়াই আনিছে।

ইফালে, জৈৱিক সম্পদক বৈজ্ঞানিক গৱেষণাৰ জৰিয়তে কৃষিক্ষেত্ৰত ব্যৱহাৰযোগ্য সম্পদলৈ ৰূপান্তৰ কৰাৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ বাবে ড° ঋতুপৰ্ণ শইকীয়াক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে বিধায়ক পদ্ম হাজৰিকাই। এই গৱেষণা আৰু উদ্ভাৱনৰ যাত্ৰাত সহযাত্ৰী হিচাপে থকা তেওঁৰ পত্নী দিশা বৰুৱাকো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰা হয়।

অনাগত দিনত ড° ঋতুপৰ্ণ শইকীয়াৰ সৰ্বাঙ্গীণ উন্নতি আৰু উজ্জ্বল ভৱিষ্যৎ কামনা কৰি তেওঁৰ কৰ্মস্পৃহা আৰু গৱেষণামুখী চিন্তাই সমাজক সদায় অনুপ্ৰাণিত কৰি যাব বুলি আশা প্ৰকাশ কৰে বিধায়ক পদ্ম হাজৰিকাই। আনহাতে, গৱেষক ডঃ ঋতুপৰ্ণ শইকীয়াইও বিধায়ক পদ্ম হাজৰিকাক ফুলাম গামোচা আৰু চেলেং চাদৰেৰে সম্ভাষণ জনায়। উল্লেখযোগ্য যে, ড০ ঋতুপৰ্ণ শইকীয়াই বৰ্তমান তেজপুৰৰ শলমৰাত অৱস্থিত ডিফেন্স ৰিচাৰ্চ লেৱৰটৰীত ৰিচাৰ্চ এচ'চিয়েট হিচাপে কৰ্মৰত হৈ আছে।

Post a Comment

Previous Post Next Post