ধুবুৰীৰ বি এন কলেজত শ্বহীদ কনকলতা বৰুৱাক সোঁৱৰণ


  

শ্বহীদ কনকলতা বৰুৱাৰ অসীম সাহস, অকৃত্রিম দেশপ্ৰেম আৰু ঐতিহাসিক আত্মত্যাগক স্মৰণ কৰি ধুবুৰীৰ ঐতিহ্যমণ্ডিত বি এন কলেজ (স্বায়ত্তশাসিত)-ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত এক গাম্ভীৰ্যপূৰ্ণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড° ৰেজিবুল আলমে শ্বহীদ কনকলতা বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। ড° ৰেজিবুল আলমে ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে আগবঢ়োৱা বক্তব্যত কয়-"ভাৰতৰ স্বাধীনতা সংগ্ৰামত অতি কম বয়সতে দেশমাতৃৰ বাবে অকাতৰে জীৱন উৎসৰ্গ কৰা কনকলতা বৰুৱাই যি অপূৰ্ব সাহস আৰু দেশপ্ৰেমৰ পৰিচয় দিছিল, সেয়া ইতিহাসত চিৰস্মৰণীয় হৈ থাকিব। তেওঁৰ আদৰ্শ আৰু ত্যাগ আজিৰ নৱপ্ৰজন্মৰ বাবেও অনুপ্ৰেৰণাৰ এক মহান উৎস।"

অনুষ্ঠানত ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ১৯৪২ চনৰ 'ভাৰত ত্যাগ আন্দোলন'ত কনকলতা বৰুৱাৰ ভূমিকা আৰু অৱদান সম্পৰ্কে বিস্তৃত আলোচনা আগবঢ়ায়। লগতে, স্বাধীনতা সংগ্ৰামীসকলৰ সংগ্ৰাম আৰু ত্যাগৰ গৌৰৱোজ্জ্বল ইতিহাস নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱা।

ঐতিহাসিক সংগ্ৰামসমূহৰ পৰা শিক্ষা গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মনত দেশ আৰু সমাজৰ প্ৰতি দায়বদ্ধতা গঢ়ি তোলা। বিভাগীয় শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানে শিক্ষাৰ্থীসকলৰ মাজত স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জী আৰু বীৰ শ্বহীদসকলৰ প্ৰতি গভীৰ সজাগতা সৃষ্টিত বিশেষ ভূমিকা পালন কৰে।

Post a Comment

Previous Post Next Post