মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিণ কৌবাংৰ সমৰ্থিত ৭গৰাকী প্ৰাৰ্থীৰে ঢকুৱাখনা মহাবিদ্যালয়(স্বায়ত্ব শাসিত)ৰ ছাত্ৰ একতা সভা গঠনৰ পথ প্ৰশস্ত হ'ল। মহাবিদ্যালয়খনৰ ২০২৬-২০২৭ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন শনিবাৰে সম্পন্ন হয় ।
মহাবিদ্যালয়ৰ নিৰ্বাচন বিভাগৰ সূক্ষ্ম পৰিচালনাৰে সম্পন্ন হোৱা নিৰ্বাচনৰ ভোট গণনাৰ অন্তত মিচিং জাতীয় সংগঠন সমৰ্থিত মুঠ ৭গৰাকী প্ৰাৰ্থী বিপুল ভোটৰ ব্যৱধানত জয়ী হৈ ছাত্ৰ সদনখনত আধিপত্য বিস্তাৰৰ গণতান্ত্ৰিক যোগ্যতা অর্জন কৰে । সংগৃহীত তথ্য মতে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ উপ সভাপতি পদত মনজিৎ দলে , সাধাৰণ সম্পাদক পদত আকাশ চণ্ডী, সহকাৰী সাধাৰণ সম্পাদক পদত উৎপল কুটুম , সমাজ সেৱা বিভাগৰ সম্পাদক পদত উৰিশ্মা মিলি ,ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক পদত শৰৎ পেগু , ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা পদত বৃষ্টি পেগু আৰু শৰীৰ চৰ্চা বিভাগৰ সম্পাদক পদত টিৰুজ দলে নিৰ্বাচিত হৈছে ।
উল্লেখ্য যে নৱনিৰ্বাচিত এই সকল প্ৰাৰ্থীক টাকাম মিচিং পৰিণ কৌবাংৰ ঢকুৱাখনা জিলা আৰু নগৰ বাংকে সমিতিয়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছিল । শনিবাৰে বিয়লি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে উৎফুল্লিত শিক্ষাৰ্থী আৰু সমৰ্থক সকলে ঢকুৱাখনা নগৰৰ ৰাজপথত এক বিজয় সমদল বাহিৰ কৰে ।
অন্যহাতে জাতীয় সংগঠনটোৰ ঢকুৱাখনা জিলা সমিতি আৰু নগৰ বাংকে সমিতিয়ে সকলো ছাত্ৰ একতা সভাৰ নৱনিৰ্বাচিত প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰে ।সংগঠনৰ শীৰ্ষ নেতৃত্ব ক্ৰমে দ্বীপেন দলে , অমৰজিত দলে , জিলা সভাপতি চুলতান পাতিৰ , সম্পাদক বিশ্বজিৎ কুম্বাং আদিয়ে বিয়লি ঢকুৱাখনা নগৰৰ জনজাতি সংঘৰ কাৰ্যালয় ভৱনত নব নিৰ্বাচিত প্ৰাৰ্থী সকলক জনগোষ্ঠীয় গামোচাৰে উষ্ণ আদৰণি জনাই ছাত্ৰ সমাজৰ সামূহিক গুণগত বিকাশ, শিক্ষাৰ্থীৰ অধিকাৰ সুৰক্ষাৰ লগতে উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিত সহায়ক হোৱাকৈ মহাবিদ্যালয়ৰ শৈক্ষিক বাতাবৰণ গঢ়ি তোলাত আত্মনিয়োগ কৰাৰ পৰামৰ্শ আগবঢ়া
