মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত দেওবাৰৰ পৰা আৰম্ভ হৈছে গুৰুজনাৰ ৫৭৮ সংখ্যক জন্মজয়ন্তী মহোৎসৱ। তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা অনুষ্ঠিত হব মহাপুৰুষ শংকৰদেৱৰ জন্মজয়ন্তী উৎসৱ। কাৰ্যসূচী অনুসৰি আজি পুৱা তাল কোবোৱা প্ৰসঙ্গ, মঞ্জীৰা নাম, আইসকলৰ নাম, খোল প্ৰসঙ্গৰ পৰিবেশন কৰা হয়।
পাছত আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত পুৱা ১০-০০ বজাত চিত্রাংকণ প্ৰতিযোগিতা, পুৱা ১১-৩০ বজাত থিতাতে লিখা ৰচনা প্ৰতিযোগিতা উদ্বোধন কৰিব বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি গোবিন চন্দ্র দাসে। দিনৰ ১-০০ বজাত সদৌ অসম ভিত্তিত বৰগীত প্ৰতিযোগিতা উদ্বোধন কৰিব বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা হীৰামণি বৰুৱাই। দিনৰ ২-০০ বজাত সদৌ অসম ভিত্তিত দিহানাম প্রতিযোগিতা উদ্বোধন কৰিব বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপদেষ্টা তথা প্ৰাক্তন আয়ুক্ত দেৱাশিষ শৰ্মাই।
অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰিব বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ নমিতা কলিতাই। উল্লেখ্য প্রতিযোগিতাসমূহৰ নিয়মাৱলী অনুসৰি "চিত্রাংকণ প্রতিযোগিতা আৰু থিতাতে লিখা ৰচনা প্রতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ'ব।
১২ বছৰৰ তলৰ বাবে 'ক' শাখা আৰু ১২ বছৰৰ ওপৰসকলৰ বাবে 'খ' শাখা নিৰ্দ্ধাৰণ কৰা হৈছে। চিত্রাংকণ প্রতিযোগিতাৰ বাবে আর্ট পেপাৰ পৰিচালনা সমিতিয়ে যোগান ধৰিব। অন্যান্য প্রয়োজনীয় সামগ্রী প্রতিযোগীয়ে নিজে আনিব লাগিব। প্রতিযোগিতাৰ সময় ১ ঘন্টা।
থিতাতে লিখা ৰচনা প্রতিযোগিতাৰ বিষয় দুয়োটা শাখাৰ বাবে মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ জীৱন, আদর্শ আৰু সৃষ্টিৰাজী বিষয়ক হ'ব। সময় ৪৫ মিনিট। দিহানাম প্রতিযোগিতাত দলীয় সঙ্গী নিম্নতম ৮ গৰাকী হ'ব লাগিব। দিহানাম ১২ মিনিটৰ ভিতৰত সমাপ্ত কৰিব লাগিব।
বৰগীত প্রতিযোগিতাত প্রতিযোগিয়ে সহযোগী আৰু বাদ্যযন্ত্ৰ লগত আনিব লাগিব। পৰিৱেশনৰ সময় ৭ মিনিট।" বুলি প্ৰকাশ কৰিছে। লগতে প্রতিযোগিতাৰ পুৰস্কাৰ সমূহ: হৈছে চিত্রাংকণ প্রতিযোগিতাৰ 'ক' শাখা আৰু 'খ' শাখাৰ ১ম পুৰস্কাৰ - ৩,০০০.০০ টকা, ২য় পুৰস্কাৰ - ২,০০০.০০ টকা, ৩য় পুৰস্কাৰ - ১,০০০.০০ টকা। থিতাতে লিখা ৰচনা প্রতিযোগিতাৰ 'ক' শাখা আৰু 'খ' শাখাৰ ১ম পুৰস্কাৰ - ৩,০০০.০০ টকা, ২য় পুৰস্কাৰ - ২,০০০.০০ টকা, ৩য় পুৰস্কাৰ - ১,০০০.০০ টকা। দিহানাম প্রতিযোগিতাৰ ১ম পুৰস্কাৰ - ২০,০০০.০০ টকা, ২য় পুৰস্কাৰ - ১৫,০০০.০০ টকা, ৩য় পুৰস্কাৰ - ১০,০০০.০০ টকা।
বৰগীত প্রতিযোগিতাৰ ১ম পুৰস্কাৰ - ৫,০০০.০০ টকা, ২য় পুৰস্কাৰ - ৪,০০০.০০ টকা আৰু ৩য় পুৰস্কাৰ - ৩,০০০.০০ টকা ধাৰ্য্য কৰা হৈছে। বটদ্ৰৱা থানৰ গুৰুজনাৰ জন্মজয়ন্তী মহোৎসৱৰ সকলো কাৰ্যসূচীতে অংশ গ্রহণ কৰি উৎসৱভাগি সাফল্যমণ্ডিত কৰিবৰ বাবে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ হৈ সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে বিনম্রভাবে অনুৰোধ জনাইছে।
