এছিয়ান গেমছৰ ফাইনেলত খেলিব নাইমেন ৱাংছুৱে



 ২০২৬ চনৰ ‘আইচি-নাগোয়া এছিয়ান গেমছ’ ত কাইলৈ ভাৰতৰ হৈ পদক অৰ্জনৰ দৃঢ় লক্ষ্যৰে খেলপথাৰত অৱতীৰ্ণ হ’ব অৰুণাচল প্ৰদেশৰ উদীয়মান ৱুছু (Wushu) খেলুৱৈ নাইমেন ৱাংছুৱে।  'স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া' (SAI)-ৰ সময়সূচী অনুসৰি ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা ০৫:৩০ বজাত এই খেল অনুষ্ঠিত হ'ব।  জাপানৰ 'আইচি প্ৰিফেকচাৰেল মাৰ্শ্বেল আৰ্টছ হল (Aichi Prefectural Martial Arts Hall) ত  অনুষ্ঠিত হ'ব।


অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ কানুবাৰীৰ জীয়ৰী নাইমেন ৱাংচুৱে জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত ২০ সংখ্যক এছিয়ান গেমছৰ ভাৰতীয় দলত স্থান লাভ কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল তথা দেশলৈ গৌৰৱ কাঢ়িয়াই আনিছে।

উল্লেখ্য যে, ২০২৩ চনত চীনত অনুষ্ঠিত এছিয়ান গেমছৰ সময়ত 'ষ্টেপল্ড ভিছা' (Stapled Visa) সংক্ৰান্তীয় সমস্যাৰ বাবে তেওঁ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা নাছিল। কিন্তু এই অনাকাংক্ষিত বাধা আৰু প্ৰত্যাহ্বানৰ পিছতো তেওঁ হতাশ নহৈ নিজৰ অবিৰত সাধনা আৰু সংগ্ৰাম অব্যাহত ৰাখে।

তেওঁৰ এই কঠিন সাধনাৰ ফলশ্ৰুতিত তেওঁ দ্বিতীয়বাৰৰ বাবে এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰা অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী ৱুছু খেলুৱৈ হিচাপে এক নতুন ইতিহাস ৰচনা কৰে। কাইলৈৰ এই গুৰুত্বপূৰ্ণ ফাইনেল মেচখনক লৈ সমগ্ৰ দেশ তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়াপ্ৰেমীসকলৰ মাজত ব্যাপক উছাহ আৰু আশাৰ সঞ্চাৰ হৈছে।

Post a Comment

Previous Post Next Post