মানকাচৰৰ সুখচৰ থানাৰ অন্তৰ্গত চৰ ডালুৱামাৰী অঞ্চলত এক হৃদয়বিদায়ক ঘটনা সংঘটিত হৈছে। ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ ১৫ বছৰীয়া এগৰাকী ছাত্ৰী পানীত উটি গৈ নিৰুদ্দেশ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে
প্ৰাপ্ত খবৰ অনুসৰি, বুধবাৰে বিয়লি প্ৰায় ৩:৩০ বজাত স্থানীয় তিনিগৰাকী ছাত্ৰী একেলগে ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ নামে। গা ধুই থকাৰ সময়তে হঠাৎ নদীৰ প্ৰবল সোঁতত তিনিয়োগৰাকী ছাত্ৰী পানীত ডুব যাবলৈ ধৰে। ছাত্ৰীকেইগৰাকীৰ আৰ্তনাদ শুনি স্থানীয় ৰাইজে তৎক্ষণাৎ উদ্ধাৰৰ চেষ্টা চলায় আৰু দুইগৰাকী ছাত্ৰীক সুৰক্ষিতভাৱে পানীত পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
অৱশ্যে, নদীৰ প্ৰবল সোঁতত তল গৈ সপ্তম শ্ৰেণীত অধ্যয়নৰত শ্বাৰমিনা খাতুন নামৰ ১৫ বছৰীয়া ছাত্ৰীগৰাকী সন্ধানহীন হৈ পৰে। নিৰুদ্দেশ হোৱা ছাত্ৰীগৰাকী পাশ্বৱৰ্তী ছোট বজ্ৰা গাঁৱৰ বাসিন্দা সহিদুৰ ৰহমানৰ কন্যা বুলি চিনাক্ত কৰা হৈছে।
ঘটনা সম্পৰ্কে খবৰ পোৱাৰ লগে লগে সুখচৰ আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীৰ (SDRF) এটা দল ঘটনাস্থলীত উপস্থিত হয়।আৰক্ষী আৰু SDRFৰ ডুবুৰী দলে নিশালৈকে ব্ৰহ্মপুত্ৰ নদীৰ বিভিন্ন স্থানত ছাত্ৰীগৰাকীৰ সন্ধানত ব্যাপক উদ্ধাৰ অভিযান চলায় যদিও নিশা আন্ধাৰৰ বাবে অভিযান স্থগিত ৰাখিবলগীয়া হয়।
ইপিনে আজি পুৱাৰ পৰাই পুনৰ নদীখনৰ বিভিন্ন অংশত SDRF আৰু স্থানীয় ৰাইজৰ সহায়ত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। এই প্ৰতিবেদন প্ৰস্তুত কৰা পৰ্যন্ত সন্ধানহীন ছাত্ৰীগৰাকীৰ কোনো সম্ভেদ পোৱা যোৱা নাই। ছাত্ৰীগৰাকীৰ পৰিয়াল আৰু স্থানীয় ৰাইজ ব্ৰহ্মপুত্ৰৰ পাৰত অধীৰ আগ্ৰহেৰে প্ৰতীক্ষা কৰি আছে।
