১৪ কোটি ভাৰতীয়ৰ বাবে এক সন্মানঃ প্ৰধানমন্ত্ৰী মোডী

 


 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উজবেকিস্তানৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ‘অলি দাৰাজলী দোষ্টলিক’  অৰ্ডাৰেৰে সন্মানিত কৰে। তাছখণ্ডৰ কুকছাৰয় প্ৰেছিডেন্সিয়েল পেলেছত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকত মিৰ্জিঅ’য়েভে  আনুষ্ঠানিকভাৱে ভাৰত  প্ৰধানমন্ত্ৰীগৰাকীক এই সন্মান প্ৰদান কৰে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীগৰাকীক এই সন্মান প্ৰদান কৰি উজবেকিস্তানৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, "ভাৰত আৰু উজবেকিস্তানৰ মাজত ঐতিহাসিক বন্ধুত্ব আৰু ব্যাপক ৰাজনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোডীক এই সন্মান প্ৰদান কৰা হৈছে। ৰাজনৈতিক, বাণিজ্য, অৰ্থনৈতিক আৰু বিনিয়োগ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ  গুৰুত্বপূৰ্ণ ভূমিকাৰ লগতে দুয়োখন দেশৰ মাজত সাংস্কৃতিক আৰু মানৱীয় সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ অৱদানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উজবেকিস্তানৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰা হৈছে।"

আনহাতে, এই বিৰল সন্মান গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে 'দোষ্টলিক' শব্দটোৰ অৰ্থ হৈছে 'বন্ধুত্ব', যিয়ে ভাৰত আৰু উজবেকিস্তানৰ পুৰণি ঐতিহাসিক আৰু সাংস্কৃতিক আত্মিক সমন্ধক স্পষ্টভাৱে প্ৰতিফলিত কৰে। তেওঁ লগতে কয় যে এই সন্মান কেৱল এজন ব্যক্তিৰ নহয়, বৰঞ্চ ১৪০ কোটি ভাৰতীয়ৰ মেহনত, সাংস্কৃতিক ঐতিহ্য আৰু দুয়োখন দেশৰ কেইবাশবাৰ্ষিকী পুৰণি গাঢ় বন্ধুত্বৰ প্ৰতি অৰ্পিত।

ইপিনে,দ্বিপাক্ষিক আলোচনাৰ পাছত দুয়োখন দেশে নিজৰ কূটনৈতিক সম্পৰ্কক এক ‘কমপ্ৰিহেেন্সিভ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ’ অৰ্থাৎ ব্যাপক ৰণনৈতিক অংশীদাৰিত্বৰ পৰ্যায়লৈ উন্নীত কৰে। বাণিজ্য, স্বচ্ছ শক্তি আৰু সংযোগ খণ্ডত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰাই এই ভ্ৰমণৰ মূল উদ্দেশ্য আছিল। ইপিনে  এই সন্মানৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে উজবেকিস্তানৰ জনসাধাৰণ, চৰকাৰ, আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শৱকত মিৰ্জিঅ’য়েভৰ প্ৰতি ভাৰতৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে।

Post a Comment

Previous Post Next Post