প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী শনিবাৰে উপস্থিত উজবেকিস্তানত। দেশখনৰ ৰাজধানী তাছকেন্টত উপস্থিত হোৱাৰ পিছত বিমানবন্দৰত উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শাভকাত মিৰ্জিয়োয়েভে তেওঁক উষ্ম আদৰণি জনায়। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে দেশখনৰ ৰাষ্ট্ৰপতি মিৰ্জিয়োয়েভৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হোৱাৰ কথা আছে।
উল্লেখ্য যে, উজবেকিস্তানৰ স্বাধীনতাৰ ৩০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ২০২১ চনৰ ৩১ আগষ্টত এই উদ্যানখন উদ্বোধন কৰা হৈছিল। ২০১৫, ২০১৬ আৰু ২০২২ চনত ভ্ৰমণৰ পিছত এইবাৰ প্ৰধানমন্ত্ৰী মোডীৰ উজবেকিস্তানলৈ চতুৰ্থটো ভ্ৰমণ। ইফালে, ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোডী বিচকেকলৈ যাত্ৰা কৰিব। কিৰ্গিজ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণত তেওঁ ২৬ সংখ্যক ছাংহাই সহযোগিতা সংস্থা (SCO) শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ।
২৯ আগষ্টৰ পৰা ৩০ আগষ্টলৈ উজবেকিস্তান ভ্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী মোডীয়ে ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ কিৰ্গিজ ভ্ৰমণ কৰিব আৰু SCO শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিবৃতি অনুসৰি, উজবেকিস্তানত থকাৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰপতি শাভকাত মিৰ্জিয়োয়েভৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈ দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আলোচনা কৰিব।
দুয়োগৰাকী নেতাই ডিজিটেল সংযোগ, শক্তি, বাণিজ্য আৰু বিনিয়োগ, শিক্ষা, প্ৰতিৰক্ষা তথা জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা পৰ্যালোচনা কৰিব বুলি আশা কৰা হৈছে। লগতে ভৱিষ্যতৰ সহযোগিতাৰ বাবে অগ্ৰাধিকাৰসমূহ নিৰ্ধাৰণ কৰা হ’ব।বিবৃতি অনুসৰি, দুয়োগৰাকী নেতাই ‘বিকশিত ভাৰত ২০৪৭’ আৰু ‘উজবেকিস্তান-২০৩০’ৰ অধীনত দুয়োখন দেশৰ উমৈহতীয়া উন্নয়নৰ লক্ষ্য আগুৱাই নিয়াৰ বিষয়েও মত বিনিময় কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোডীয়ে তাছকেন্টস্থিত শাস্ত্ৰী স্মাৰক আৰু তাছকেন্ট ষ্টেট ইউনিভাৰ্চিটি অৱ অৰিয়েণ্টেল ষ্টাডিজত থকা মহাত্মা গান্ধী কেন্দ্ৰও পৰিদৰ্শন কৰিব।
