বঢ়মপুৰত একেদিনাই দুটাকৈ স্থানত চুৰিকাণ্ড

 


  • বঢ়মপুৰ শিঙিয়া পোটনীৰ মৌজাদাৰ মাধন শইকীয়াৰ আৰু বেজৰ গাঁৱৰ জোনাৰাম শইকীয়াৰ ঘৰত চুৰিকাণ্ড।
  • ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড। 
  • ঘৰৰ পিছফালৰ দৰ্জাৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰে বাসগৃহত।
  • দিল্লীত থকা জীয়ৰী ঘৰলৈ চিকিৎসাৰ বাবে গৈছিল মৌজাদাৰ মাধন শইকীয়া।
  • আনহাতে, জোনাৰাম শইকীয়াৰ পত্নী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।
  • পত্নীৰ চিকিৎসা বাবে থোৱা ৫০ হাজাৰ টকাসহ সোণৰ আ-অলংকাৰ চোৰে লুটি লৈ যায়।
  • চুৰিকাণ্ড সংঘটিত হোৱা স্থানত আৰক্ষীয়ে দা, লোহাৰ চিপৰাং উদ্ধাৰ কৰে।
  • উল্লেখ্য যে, বঢ়মপুৰত অসামাজিক কাৰ্যকলাপ ৰোধ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে ইটাচালি টাউন আৰক্ষী চকী।

Post a Comment

Previous Post Next Post