- নিশা ৰূপহীহাটৰ ছাইদৰীয়াত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
- নগাঁৱৰ পৰা লাওখোৱাৰ অভিমুখে গৈ থকা চাৰিচকীয়া বাহনে মটৰচাইকেলত খুন্দিয়াই গুৰুতৰ বাবে আহত কৰে মটৰ চাইকেল আৰোহীক।
- দুৰ্ঘটনাত আহত লোকজনৰ এতিয়াও পৰিচয় উদ্ধাৰ হোৱা নাই।
- দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS12AL7493।
- ঘটনাস্থলীত উপস্থিত ৰূপহীহাট আৰক্ষী হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আহত মটৰ চাইকেল আৰোহীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
- দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰি আৰক্ষীয়ে থানা লৈ যায়।
