'কোন প্ৰকৃত হিন্দু নহয়'- ক'লে আৰএছএছ প্ৰধানে

 


শেহতীয়াকৈ মোহন ভাগৱতে দিলে হিন্দুৰ সংজ্ঞা। হিন্দু-মুছলমান সম্পৰ্ক সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি আৰএছএছ প্ৰধানগৰাকীয়ে কয়- ভাৰতত মুছলমান থাকিব নালাগে বুলি কোৱা সকল প্ৰকৃত হিন্দু নহয়। নিজকে হিন্দু বুলি কব খুজিলে আন ধৰ্মকো সমানে সন্মান কৰা উচিত। সকলো মানুহৰে মৰ্যাদা আছে, মানুহৰ মাজত কোনো পাৰ্থক্য নাই বুলিও মন্তব্য কৰে মোহন ভাগৱতে।

নিউয়ৰ্কৰ One World, One Humanity অনুষ্ঠানত অংশগ্ৰহণ কৰি মোহন ভাগৱতে কৰা এই মন্তব্যই সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে। এই অনুষ্ঠানত হিন্দু ৰাষ্ট্ৰ’ৰ ধাৰণাৰ প্ৰসংগত মুছলমানসকলৰ স্থান সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত আৰএছএছ প্ৰধানগৰাকীয়ে কয়, “এয়া হিন্দুত্ব নহয়। যদি কোনো হিন্দুৱে ভাবে যে ভাৰতত কোনো মুছলমান থাকিব নালাগে, তেন্তে তেওঁ হিন্দু হৈ থকা নাই।”

তেওঁ উদাহৰণ দি কয় যে, হাৰিয়ানাৰ দাদ্ৰীৰ ওচৰত সংঘটিত বিমান দুৰ্ঘটনাৰ পিছত আৰএছএছৰ স্বয়ংসেৱকসকলে আহতসকলক উদ্ধাৰ আৰু মৃতদেহসমূহৰ অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থাত সহায় কৰিছিল। ইয়াৰ অধিকাংশই আছিল মুছলমান লোক। সেই সময়ত তেওঁলোকে কোনো ভেদাভেদ নকৰি সকলোকে সমানে সেৱা আগবঢ়াইছিল বুলিও ভাগৱতে উল্লেখ কৰে।

Post a Comment

Previous Post Next Post