গহপুৰত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। ঘাঁহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বৰাণীপথাৰৰ অফৰাখাটস্থিত বৰ নামঘৰত যোৱা নিশা চোৰে প্ৰৱেশ কৰি দানপাত্ৰৰ পৰা বৃহৎ পৰিমাণৰ ধন লুট কৰাৰ লগতে নামঘৰত থকা সোণ-ৰূপৰ ফুল লৈ যোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, চুৰি চক্ৰটোৱে নামঘৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰিছিল। নামঘৰৰ ভিতৰত থকা দানপাত্ৰ ভাঙি তাত জমা হৈ থকা প্ৰায় ২৫ৰ পৰা ৩০ হাজাৰ টকা লৈ যায়। ইয়াৰ উপৰি মণিকুটৰ কাষৰ কোঠালিত থকা আলমিৰাৰ দুৱাৰ ভাঙি চোৰে ভিতৰৰ সামগ্ৰী লণ্ডভণ্ড কৰে।
ইফালে, ভক্তপ্ৰাণ ৰাইজে আগবঢ়োৱা সোণ-ৰূপৰ বহু ফুল চোৰে লৈ যোৱা বুলি জানিবলৈ দিছে নামঘৰীয়াৰ লগতে ভকত বৃন্দই।নামঘৰৰ দৰে পবিত্ৰ ধৰ্মীয় অনুষ্ঠানস্থলীত সংঘটিত এই চুৰিকাণ্ডক লৈ ভক্তপ্ৰাণ ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। চুৰি চক্ৰটোৱে নামঘৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি দানপাত্ৰৰ ধন আৰু ধৰ্মীয় সামগ্ৰী লুট কৰি নিয়াৰ ঘটনাই নামঘৰৰ নিৰাপত্তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে।
আনহাতে, ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছতে স্থানীয় ৰাইজে আৰক্ষীক বিষয়টো গুৰুত্বসহকাৰে তদন্ত কৰি চুৰিকাণ্ডৰ সৈতে জড়িত লোকসকলক শীঘ্ৰে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। লগতে চুৰি হোৱা ধন আৰু সোণ-ৰূপৰ সামগ্ৰী উদ্ধাৰৰ বাবেও আৰক্ষীৰ ওচৰত দাবী জনাইছে ভক্তপ্ৰাণ ৰাইজে।
ইতিমধ্যে অঞ্চলটোত চুৰিকাণ্ডক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নামঘৰকে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহত এনে ধৰণৰ ঘটনা যাতে পুনৰ সংঘটিত নহয়, তাৰ বাবে আৰক্ষীয়ে অধিক তৎপৰতা অৱলম্বন কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। ঘটনাটোৰ সৈতে জড়িত চুৰি চক্ৰটোক আৰক্ষীয়ে কিমান সোনকালে কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰু চুৰি হোৱা সামগ্ৰী উদ্ধাৰ কৰিব পাৰে নে নোৱাৰে, সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে।
