নেপালৰ ভয়ংকৰ বান পৰিস্থিতি এতিয়াও স্বাভাৱিক অৱস্থালৈ অহা নাই। তাৰ মাজতে নেপালৰ ভোটেকোশী নদীত হঠাৎ জলপ্ৰবাহ আৰু গৰ্জন বৃদ্ধি পোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ পাছতে নেপালৰ এন ডি আৰ আৰ এম এয়ে নতুনকৈ সতৰ্কতা জাৰি কৰিছে।
NDRRMA-ই জনোৱা মতে, ভোটেকোশীৰ ওপৰৰ অংশত পুনৰ প্ৰবল জলপ্ৰবাহৰ গৰ্জন শুনিবলৈ পোৱা গৈছে। নদীৰ কাষৰ বাসিন্দাসকলক নদীৰ পৰা নিৰাপদ দূৰত্ব বজাই ৰাখি ওখ আৰু সুৰক্ষিত স্থানলৈ আঁতৰি যাবলৈ পৰামৰ্শ দিয়া হৈছে।
দেওবাৰে জৰুৰী জনসুৰক্ষা বাৰ্তা জাৰি কৰি প্ৰশাসনে নদীৰ নিম্ন অৱবাহিকাৰ বাসিন্দা আৰু উদ্ধাৰকাৰী দলসমূহক অত্যন্ত সতৰ্ক আৰু সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিছে। স্থানীয় প্ৰশাসনৰ পৰা ভোটেকোশী নদীত জলপ্ৰবাহ বৃদ্ধি পোৱাৰ খবৰ লাভ কৰাৰ পাছতেই এই সতৰ্কতা জাৰি কৰা হয়।
সতৰ্কতাৰ আওতাত আছে তিনিখন জিলা ক্ৰমে- ৰছুৱা, নোৱাকোট আৰু ধাদিং। যোৱা ২৬ আগষ্টত সংঘটিত ভয়ংকৰ আকস্মিক বানত এই তিনিখন জিলা ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছিল।
ৰছুৱাৰ নদীৰ পাৰৰ অঞ্চলসমূহৰ লগতে নেপাল-চীন সীমান্তৱৰ্তী এলেকাতো জলস্তৰৰ ওপৰত কঠোৰ নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। আনহাতে, নোৱাকোট আৰু ধাদিঙত নদী অৱবাহিকাৰ জৰুৰী সেৱা আৰু স্থানীয় প্ৰশাসনক যিকোনো পৰিস্থিতিৰ বাবে সাজু কৰি ৰখা হৈছে।
ইফালে ইয়াৰ মাজতে ভয়ংকৰ ৰছুৱা-ভোটেকোশী আকস্মিক বানত মৃতকৰ সংখ্যা ৭৫০লৈ বৃদ্ধি পাইছে। নদীৰ নিম্ন অৱবাহিকাৰ কেইবাটাও অঞ্চলত উদ্ধাৰকাৰী দলসমূহে এতিয়াও মৃতদেহ উদ্ধাৰৰ অভিযান অব্যাহত ৰাখিছে। নেপালৰ শেহতীয়া চৰকাৰী তথ্য অনুসৰি, শনিবাৰৰ সন্ধিয়া ৬.৩০ বজালৈকে প্ৰায় ৩,০০০ লোক সন্ধানহীন অথবা যোগাযোগৰ বাহিৰত আছে।
তাৰোপৰি, বানত বিধ্বস্ত অঞ্চলসমূহত এতিয়াও ২৮৭গৰাকী ভাৰতীয় নাগৰিক আৰু ১২৮গৰাকী ভাৰতীয় বংশোদ্ভূতৰ কোনো সন্ধান পোৱা হোৱা নাই। সন্ধানহীন লোকসকলৰ ভিতৰত ঈশা ফাউণ্ডেচনৰ ৮০গৰাকী আৰু পশ্চিমবংগৰ ৩৭গৰাকী লোকো আছে।
অৱশ্যে, ইয়াৰ মাজতে ৰছুৱাৰ এটা জলবিদ্যুৎ প্ৰকল্পত আবদ্ধ হৈ থকা চাৰিজন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে বুলি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে জনাইছে। উদ্ধাৰ হোৱা লোককেইজন হৈছে— ৰিপু কুমাৰ, চনেশ্বৰ নাৰ্জাৰী, কৃপা শংকৰ আৰু মহম্মদ মিনহাজউদ্দিন। তেওঁলোকক কাঠমাণ্ডুলৈ লৈ যোৱা হৈছে।
