ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান

 


বিগত বৰ্ষসমূহৰ ধাৰাবাহিকতা ৰক্ষা কৰি এইবেলিও ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ওদালগুৰি পৌৰসভাৰ সভাকক্ষত এক দিনজোৰা কাৰ্যসূচীৰে বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত ওদালগুৰি আঞ্চলিক এলেকাৰ অন্তৰ্গত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ষ্টাৰ মাৰ্ক প্ৰাপ্ত ৮৪ গৰাকী মেধাৱী শিক্ষাৰ্থীক মানপত্ৰ আৰু ট্ৰফীৰে আনুষ্ঠানিকভাৱে বিশেষ সম্বৰ্ধনা জনোৱা হয়।

উল্লেখ্য যে,  উক্ত সভাখন উদ্বোধন কৰে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য চিণ্টুমণি চক্ৰৱৰ্ত্তীয়ে।লগতে  অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বৰচিলাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক লক্ষ্মণ উপাধ্যায়ে শিক্ষাৰ্থীসকলক উদ্দেশ্যি এক অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে। তেওঁ উল্লেখ কৰে যে, কেৱল কষ্ট আৰু একাগ্ৰতাৰ জৰিয়তেহে মানুহে নিজৰ প্ৰকৃত লক্ষ্যত উপনীত হ’ব পাৰে।

ইফালে, নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য আগবঢ়ায় সদৌ অসম ছাত্ৰ সংস্থাৰ সাংগঠনিক সম্পাদক পৰাগ চহৰীয়াই। তেওঁ শিক্ষাৰ্থীসকলক আগন্তুক দিনবোৰত নিজৰ দক্ষতা বিকাশ কৰি কেনেদৰে সঠিক পথেৰে আগুৱাই গ’লে সফলতা লাভ কৰিব পাৰি, সেই সন্দৰ্ভত বিভিন্ন গঠনমূলক দিহা-পৰামৰ্শ আগবঢ়ায়। লগতে বহু কেইগৰাকী লোকে অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে। 

ইয়াৰ উপৰিও ওদালগুৰি জিলা আছুৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক ছাত্ৰ সংস্থাৰ বিষয়ববীয়া, স্থানীয় শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী আৰু অভিভাবকসকল উপস্থিত থাকি অনুষ্ঠানটিক সাফল্যমণ্ডিত কৰি তোলে। 

Post a Comment

Previous Post Next Post