নেপালৰ জলপ্ৰলয়ত মৃত্যুৰ সংখ্যা ১৬০লৈ বৃদ্ধি, ৭৫০ৰো অধিক সন্ধানহীন


 

জলপ্ৰলয়ত তচনচ হ'ল নেপাল।  তিব্বত সীমান্তৰ সমীপৱৰ্তী মধ্য নেপালৰ জিলাসমূহত বুধবাৰে পুৱা হঠাৎ অহা এই ধ্বংসাত্মক বানত এতিয়ালৈকে ১৬০ জনতকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে। ইফালে, ১৩৩ গৰাকী ভাৰতীয় নাগৰিকক সামৰি ৭৫০ৰো অধিক লোক বৰ্তমানো সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।

বান-ভূমিস্খলনৰ ফলত ১৬০ জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে। ইফালে, সন্ধানহীন ৭৫০ জনৰো অধিক লোকৰ ভিতৰত ১৩৩ গৰাকী ভাৰতীয় পৰ্যটক তথা যাত্ৰী আছে। উল্লেখ্য যে,  তিব্বত সীমান্তৰ সমীপৱৰ্তী ৰসুৱা আদিকে ধৰি মধ্য নেপালৰ অঞ্চলসমূহত মাত্ৰ ১৫-২০ মিনিটৰ ভিতৰত সমগ্ৰ দৃশ্যপট সলনি হৈছিল এই ভয়ংকৰ জলপ্ৰলয়ৰ ফলত।

পৰিস্থিতিৰ গুৰুত্ব অনুধাৱন কৰি ভাৰত চৰকাৰ আৰু ভাৰতীয় বায়ুসেনাই উদ্ধাৰ অভিযানত উদ্ধাৰকাৰী দল আৰু সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। ইয়াৰ উপৰিও, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰকে ধৰি বিভিন্ন ৰাজ্য চৰকাৰে আৱদ্ধ যাত্ৰীসকলৰ সহায়ৰ বাবে জৰুৰীকালীন হেল্পলাইন নম্বৰ (যেনে UP ৰ বাবে ১০৭০) মুকলি কৰিছে।

অঞ্চলটোৰ মুখ্য পথ, দলং আৰু যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰাৰ বাবে উদ্ধাৰকাৰী দলসমূহে অভিযান চলোৱাত ব্যাপক সমস্যাৰ মুখামুখি হৈছে। নেপালত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক নিৰাপদে উদ্ধাৰ কৰাৰ বাবে কাঠমাণ্ডুস্থিত ভাৰতীয় দূতাবাসে স্থানীয় প্ৰশাসনৰ সৈতেৰ নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি কাম কৰি আছে।


Post a Comment

Previous Post Next Post