নেপালৰ বিধ্বংসী জলপ্ৰলয়ৰ আঁৰৰ কাৰণ কি?


 

নেপালৰ জলপ্ৰলয়ে ইতিমধ্যে তচনচ কৰিছে সকলোবোৰ। এক হাঁহাকাৰ পৰিস্থিতিৰ মাজত দিন পাৰ কৰিছে নেপালবাসীয়ে। শেহতীয়াকৈ পোহৰলৈ আহিছে যে,  তিব্বত সীমান্তৰ সমীপত হিমবাহ স্খলন (Ice-rock avalanche) বা হিমবাহৰ হ্ৰদ বিস্ফোৰণৰ (GLOF) ফলত নদীৰ পানীৰ স্তৰ মাত্ৰ ৩০ মিনিটৰ ভিতৰত ৯ মিটাৰ পৰ্যন্ত বৃদ্ধি পাইছিল। আৰু এই প্ৰলয়ে ৰচুৱা, নুৱাকোট আৰু ধাডিং জিলা ধ্বংস নিমিষতে কৰি পেলায়।


হিমালয়ত প্ৰায় ২,০০০ ফুট বহল হিমবাহৰ এটা বিশাল অংশ প্ৰায় ১৭ হাজাৰ ফুট উচ্চতাৰ পৰা বিচ্ছিন্ন হৈ প্ৰায় ৪ হাজাৰ ফুট তলৰ উপত্যকাত প্ৰচণ্ড বেগেৰে খহি পৰিছিল। ইয়াৰ ফলত বৰফ, পানী, শিল আৰু ধ্বংসাৱশেষৰ ভয়ংকৰ সোঁত সৃষ্টি হয়।

এই ধলৰ ফলত প্ৰথমে ল্হেণ্ডে খোলা নদীৰ গতিপথ বন্ধ কৰিছিল, তাৰ পিছতে অস্থায়ী প্ৰাকৃতিক বান্ধৰ সৃষ্টি হোৱা বুলি ধাৰণা কৰা হৈছে। বান্ধৰ আঁৰত বৃহৎ পৰিমাণৰ পানী জমা হোৱাৰ পাছত সেই অস্থায়ী বান্ধ ভাঙি যায়। তাৰ পাছতেই পানী, বোকা, বৰফ আৰু প্ৰকাণ্ড শিলৰ সোঁত তীব্ৰ বেগেৰে নামি আহিছিল ভোটেকোশী নদীলৈ।ইয়াৰ ফলত জনবসতিৰ লগতে পথ, দলং আৰু জলবিদ্যুৎ প্ৰকল্পত ব্যাপক ক্ষয়-ক্ষতি হৈছে।

বিপৰ্যয়ৰ সময়ৰ আশে-পাশে অঞ্চলটোত ৪.৪ প্ৰাবল্যৰ ভূমিকম্প ৰেকৰ্ড হৈছিল। ভূমিকম্পৰ জোকাৰণিৰ ফলত হিমবাহৰ বৰফ আৰু শিলৰ ধল নামিছিল নেকি, সেই বিষয়টোও বিজ্ঞানীসকলে পৰীক্ষা কৰি আছে। অৱশ্যে, ভূমিকম্পৰ ফলতে হিমবাহ ভাঙিছিল বুলি এতিয়ালৈকে নিশ্চিত হোৱা নাই।

পূৰ্বেও বহু সময়ত তিব্বত-নেপাল সীমান্তত হোৱা ভূকম্পন বা পাহাৰৰ পৰা ডাঙৰ বৰফখণ্ড/হিমবাহ খহি পানীৰ উচ্চতা হঠাতে বৃদ্ধি পাই এনে ঘটনা ঘটিছিল। কিন্তু ইয়াৰ প্ৰকোপ ইমান বিধ্বংসী নাছিল।এই প্ৰলয়ত ভাৰতৰ ৩০০ৰো অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে। 

ল্হেণ্ডে–ভোটেকোশী কৰিড’ৰত মাত্ৰ ১৪ মাহৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে এনে ভয়ংকৰ বানৰ ঘটনা সংঘটিত হৈছে। ২০২৫ চনৰ বানত কমেও ৯জন লোকৰ মৃত্যু আৰু ১৯জন লোক সন্ধানহীন হৈছিল। দ্ৰুতগতিত উষ্ণ হৈ অহা হিমালয়ত হিমবাহৰ অস্থিৰতা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এনে আকস্মিক বানৰ ঘটনা ভৱিষ্যতে বৃদ্ধি পাব পাৰে বুলি বিশেষজ্ঞসকলে সতৰ্ক কৰি আহিছে।

চৰকাৰী তথ্য মতে, সকলোবোৰ মিলাই প্ৰায় ৮০০লোক সন্ধানহীন হৈ আছে। ১৬২গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে। কিন্তু স্থানীয় লোকে সংবাদমাধ্যমৰ আগত সদৰি কৰা অনুসৰি, সন্ধানহীনৰ সংখ্যা ১৫হাজাৰৰো কম নহ’ব। চৰকাৰী হিচাপ আৰু দেখি থকা পৰিস্থিতিতকৈ নেপালত বহু বেছি ধ্বংস হৈছে বুলি সদৰি কৰিছে স্থানীয় লোকসকলে।

আনফালে  ভাৰতীয় দূতাবাস, কাঠমাণ্ডুৱে প্ৰভাৱিতসকলৰ সহায়ৰ বাবে নম্বৰ মুকলি কৰিছে। নম্বৰকেইটা হৈছে- 977 985 131 6807 , 977 970 910 7500  । নেপাল সেনা, নেপাল পুলিচ আৰু সশস্ত্ৰ পুলিচ বাহিনী হেলিকপ্টাৰ আৰু ড্ৰোনৰ সহায়ত উদ্ধাৰ অভিযান চলাই আছে।

ভাৰত চৰকাৰে ১০ টন জৰুৰী প্ৰাথমিক জৰুৰী খাদ্য, তম্বু আৰু ঔষধ কঢ়িয়াই নিবলৈ বায়ু সেনাক (C-130J বিমান) নিয়োগ কৰি নেপাললৈ সাহায্য প্ৰেৰণ কৰিছে। ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী বালেন শ্বাহৰ সৈতে কথা পাতি সকলো প্ৰকাৰৰ মানৱীয় সাহায্য নিশ্চিত কৰিছে।

Post a Comment

Previous Post Next Post