- বঢ়মপুৰ দক্ষিণ ননৈ গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি।
- দক্ষিণ ননৈ গাঁও পঞ্চায়তত দালালক কেন্দ্ৰ কৰি সৃষ্টি এই পৰিস্থিতি।
- এটা পথৰ জব কাৰ্ডৰ ফটো মৰাক লৈ GRSক জবাবদিহি কৰে ৰাইজে।
- GRS য়ে ফটো মাৰিবৰ বাবে দালাল নিয়োগ কৰাৰ অভিযোগ ৰাইজৰ।
- ২০০ টকাকৈ লৈ নতুন জব কাৰ্ড খোলাৰ অভিযোগ স্থানীয় ৰাইজৰ।
- পঞ্চায়তত সময়মতে প্ৰতিনিধিসকল উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।
- এই অভিযোগ GRSয়ে মিছা বুলি কোৱাৰ পাছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
- শীঘ্ৰে GRSক বদলি কৰিবৰ বাবে দাবী ৰাইজৰ।
- অৱশেষত GRSয়ে হাতযোৰ কৰি ক্ষমা বিচাৰে ৰাইজৰ আগত।
- ঘটনাস্থলীত ননৈ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
