মানকাচৰত দুই বলাৎকাৰীক ২০ বছৰৰ কাৰাদণ্ড...


 

১৫ বছৰীয়া এগৰাকী নাবালিকাক অপহৰণ কৰি গুৱাহাটীলৈ লৈ গৈ বলাৎকাৰ কৰাৰ গোচৰত মানকাচৰৰ দুই অভিযুক্তক ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে আদালতে। হাটশিঙিমাৰী জিলা সত্ৰ আৰু ন্যায়াধীশ আদালতৰ জিলা ন্যায়াধীশ ৰাজেশ কুমাৰ টোডিয়ে মঙলবাৰে গোচৰটোৰ ৰায় ঘোষণা কৰি দুই অভিযুক্তক ২০ বছৰৰ কাৰাদণ্ডৰ লগতে ৩০ হাজাৰ টকাকৈ জৰিমনা বিহে। 


জৰিমনাৰ ধন আদায় দিব নোৱাৰিলে অতিৰিক্ত ১ বছৰৰ কাৰাদণ্ড ভোগ কৰিব লাগিব বুলি আদালতে নিৰ্দেশ দিয়ে বুলি লোক অধিবক্তা বিশ্বজিত মহন্তই জানিবলৈ দিয়ে। দোষী সাব্যস্ত হোৱা দুই অভিযুক্ত হৈছে মানকাচৰ থানা এলেকাৰ পিপুলবাৰী গাঁৱৰ মমিন আলীৰ পুত্ৰ ইছমাইল হুছেইন ওৰফে ইছমাইল আৰু ছহিদুৰ ৰহমানৰ পুত্ৰ আমিৰুল হক ওৰফে ৰাজু।

গোচৰটোৰ তথ্য অনুসৰি,  ২০২২ চনৰ ৫ জানুৱাৰীত দুই অভিযুক্তই ১৫ বছৰীয়া নাবালিকাগৰাকীক অপহৰণ কৰি গুৱাহাটীলৈ লৈ গৈছিল। গুৱাহাটীত নাবালিকাগৰাকীক চাৰিদিন ধৰি বলাৎকাৰ কৰিছিল দুই অভিযুক্তই। ঘটনাৰ ৪ দিনৰ পাছত খাৰুৱাবান্ধা আৰক্ষীয়ে অভিযান চলাই নাবালিকাগৰাকীক উদ্ধাৰ কৰাৰ লগতে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত গোচৰটো আদালতত চলি থাকে।

গোচৰটোৰ সাক্ষ্য-প্ৰমাণ আৰু নথি-পত্ৰ পৰ্যালোচনা কৰাৰ পাছত আদালতে দুই অভিযুক্তক দোষী সাব্যস্ত কৰে। POCSO আইনৰ ধাৰা ৬(১) আৰু ভাৰতীয় দণ্ডবিধিৰ প্ৰাসংগিক ধাৰাৰ অধীনত চলা গোচৰটোত মঙলবাৰে আদালতে ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰে। আদালতৰ এই ৰায়ৰ পাছত নাবালিকাৰ ওপৰত সংঘটিত এনে গুৰুতৰ অপৰাধৰ বিৰুদ্ধে এক কঠোৰ বাৰ্তা যোৱা বুলি চৰ্চা হৈছে।

Post a Comment

Previous Post Next Post