তেজপুৰৰ মুঢ়াতেতেলী বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত স্থানীয় বাসিন্দা অনু বসুমতাৰীৰ বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে প্ৰায় ৭ লাখ টকাৰ সম্পত্তি ছাই হৈ যায়।
অগ্নিকাণ্ড সংঘটিত হোৱা সময়ত বাসগৃহটোত পৰিয়ালৰ কোনো সদস্য উপস্থিত নাছিল। ঘটনাটো কেনেকৈ সংঘটিত হ’ল আৰু জুইৰ সূত্ৰপাত কিদৰে হ’ল, সেই বিষয়ে এতিয়ালৈকে কোনো স্পষ্ট কাৰণ জানিব পৰা হোৱা নাই।
ভস্মীভূত ঘৰটোত থকা সোণৰ অলংকাৰ, জীয়ৰীৰ বিবাহৰ বাবে সঞ্চয় কৰি ৰখা গহনা, মুগা আৰু পাটৰ বস্ত্ৰসহ ঘৰুৱা যাৱতীয় সকলো সামগ্ৰী নিমিষতে জাহ যায়। এই আকস্মিক দুৰ্ঘটনাই পৰিয়ালটোলৈ গভীৰ শোক নমাই আনিছে। ইতিমধ্যে স্থানীয় আৰক্ষী আৰু প্ৰশাসনে অগ্নিকাণ্ডৰ কাৰণ উদ্ধাৰৰ বাবে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।
