ষ্ট্ৰোকত আক্ৰান্ত নগাঁৱৰ সংগ্ৰামী নেতা ভাস্কৰ শইকীয়াৰ স্বাস্থ্যৰ অৱনতি

  


১৫ আগষ্টৰ পুৱা ধিং চহৰস্থিত নিজা বাসভৱনত উচ্চ ৰক্তচাপজনিত ষ্ট্ৰোকত আক্ৰান্ত হৈ জিএনআৰচি দিছপুৰত ভৰ্তি হোৱা বিদেশী বিতাৰণ আন্দোলনত নগাঁৱৰ বলিষ্ঠ সংগ্ৰামী ছাত্ৰনেতা ভাস্কৰ শইকীয়াৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে। 


প্ৰণিধানযোগ্য যে, সেইদিনা পুৱা পত্নীৰ সৈতে চাহ খাই থকা অৱস্থাতে হঠাৎ অসুস্থ হৈ পৰাত প্ৰথমে তেওঁক ধিং ৰেফাৰেল হস্পিতাললৈ নিয়া হয়। চিকিৎসালয়খনত প্ৰাথমিক চিকিৎসা কৰোৱাৰ পিছতে তেওঁৰ মগজুত হোৱা ৰক্তক্ষয়ৰ পৰিমাণ যথেষ্ট বৃদ্ধি পোৱা বুলি কৈ চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। 

ভাতৃ আৰু শিক্ষয়িত্ৰী পত্নীৰ লগতে তেওঁৰ পুত্ৰ-কন্যাই শইকীয়াক লগে লগে গুৱাহাটীলৈ আনি দিছপুৰস্থিত জিএনআৰচিত ভৰ্তি কৰে। চিকিৎসালয়খনত ততালিকে তেওঁৰ চিটি, এনজিঅ'গ্ৰাফী, ECG, ECHO আদি সম্পন্ন কৰাৰ পাছতে বিয়লি তেওঁক আইচিইউত ভৰ্তি কৰোৱা হয়।

১৬ আগষ্টৰ দিনা তেওঁৰ স্বাস্থ্য সামান্য উন্নতি ঘটে যদিও ১৭ আগষ্টত তেওঁৰ স্বাস্থ্যৰ পুনৰ অধিক অৱনতি ঘটে। ৰক্তক্ষয়ৰ ফলত মগজুৰ বাওঁফাল সম্পূৰ্ণৰূপে তেজেৰে ভৰি পৰাত তেওঁৰ মগজুৰ অস্ত্ৰোপ্ৰচাৰৰ পৰিকল্পনা কৰিও চিকিৎসকে স্থগিত ৰাখিবলৈ বাধ্য হয়। অৱশ্যে এতিয়াও অচেতন অৱস্থাত আছে যদিও তেওঁ ক'মা অৱস্থালে যোৱা নাই বাবেই পৰিয়াল তথা চিকিৎসকে সম্পূৰ্ণ আশা এৰি দিয়া নাই। 

আজি ধিং তথা নগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু সংখ্যক শুভাকাংক্ষীয়ে চিকিৎসালয়তে বিগত ৩ নিশা পাৰ কৰা পৰিয়ালটোক সাক্ষাৎ কৰি মনোবল বৃদ্ধি কৰাৰ চেষ্টা চলায়।  একেদৰে পত্নী, কন্যা তথা পুত্ৰইও প্ৰৱল মানসিক শক্তিৰ পৰিচয় দি যোৱা এই ৩টা দিনত ভগৱানৰ ভৰষাৰে আইচিইউৰ বাহিৰত তীব্ৰ প্ৰত্যাশাৰে ভাল খবৰলৈ অপেক্ষা কৰিছে।


Post a Comment

Previous Post Next Post