বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে ১৯ আগষ্ট, ২০২৬ত লোক ভৱনলৈ পদযাত্ৰাৰ আহ্বান জনাইছে। বিহাৰ চৰকাৰৰ “স্বৈৰাচাৰী মনোভাৱ”ৰ বিৰুদ্ধে এই পদযাত্ৰা অনুষ্ঠিত কৰা হ’ব বুলি তেওঁ কয়। তেওঁৰ অভিযোগ যে- চৰকাৰে “গণতান্ত্ৰিক দাবীৰ উত্তৰ AK-47ৰ গুলীৰে দিয়ে”। আৰজেডি নেতাগৰাকীয়ে কয় যে- মিত্ৰজোঁটৰ সদস্যসকলেও এই পদযাত্ৰাত অংশগ্ৰহণ কৰিব আৰু ৰাজ্যপালক এখন স্মাৰক-পত্ৰ প্ৰদান কৰিব। ৰাজ্যখনৰ ছিৱান জিলাত জুলাই মাহত ছাত্ৰ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে AK-47 ৰাইফল ব্যৱহাৰ কৰি গুলী চলোৱাৰ অভিযোগক লৈ এই স্মাৰক-পত্ৰ প্ৰদান কৰা হ’ব।
২৫ জুলাই, ২০২৬ত বিহাৰৰ ছিৱান জিলাত NEET ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগৰ বিৰুদ্ধে ছাত্ৰসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত এজন আৰক্ষী কনিষ্টবলে AK-47 ৰাইফল ব্যৱহাৰ কৰা বুলি দাবী কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ইয়াৰ পিছত কনিষ্টবলজনক নিলম্বন কৰা হয়। আৰক্ষী বিষয়াসকলে জনোৱা মতে, গুলীচালনাৰ ঘটনাত কোনো লোক আহত হোৱা নাছিল। লগতে এই ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে, কিয়নো প্ৰতিবাদৰ সময়ত আৰক্ষীক গুলী নচলাবলৈ স্পষ্ট নিৰ্দেশ দিয়া হৈছিল।
বিহাৰ চৰকাৰক তীব্ৰ সমালোচনা কৰি কৰি লালু প্ৰসাদ যাদৱে ‘X’ত লিখে যে- “প্ৰশ্নকাকত ফাদিল, দুৰ্বল শিক্ষা ব্যৱস্থা, নিযুক্তি প্ৰক্ৰিয়াত অনিয়ম আৰু নিবনুৱা সমস্যাক লৈ সকলো ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতী উদ্বিগ্ন।” ছাত্ৰ-ছাত্ৰীৰ গণতান্ত্ৰিক দাবী শুনাৰ পৰিৱৰ্তে দুৰ্নীতি আৰু শোষণৰ ওপৰত গঢ় লৈ উঠা অহংকাৰী চৰকাৰে AK-47ৰ গুলী চলাই তাৰ উত্তৰ দিয়ে। এয়া অন্যায়। এই স্বৈৰাচাৰী আৰু একনায়কত্ববাদী মনোভাৱৰ বিৰুদ্ধে ১৯ আগষ্টত পাটনাত সকলোৱে একত্ৰিত হ’ব লাগে।”
