১৫ আগষ্ট স্বাধীনতা দিৱস উদযাপনৰ পিছত নগাঁও জিলাৰ চামগুৰিত ৰাষ্ট্ৰীয় পতাকাক চৰম অৱমাননা কৰাৰ এক ঘটনা পোহৰলৈ আহিছে। জাতীয় পতাকাৰ নিয়ম অনুসৰি ১৫ আগষ্ট উদযাপন পাৰ হোৱাৰ পাছত সন্ধিয়ালৈ নমাব লাগে জাতীয় পতাকা বা আঁতৰাব লাগে স-সন্মানেৰে সেই পতাকা সমূহ।
কিন্তু চামগুৰিত সেয়া হোৱা নাই। অঞ্চলটোৰ সুনাৰিবালি বালিকা প্ৰাথমিক বিদ্যালয়ত স্বাধীনতা দিৱসৰ দিনা উত্তোলন কৰা ৰাষ্ট্ৰীয় পতাকাখন সূৰ্যাস্তৰ পিছতো উৰি থাকিল।
উল্লেখ্য যে, স্বাধীনতা দিৱসৰ অনুষ্ঠান সামৰণি মৰাৰ পিছত সূৰ্যাস্তৰ পূৰ্বে ৰাষ্ট্ৰীয় পতাকা অৱনমন কৰাটো বাধ্যতামূলক নিয়ম যদিও বিদ্যালয় কৰ্তৃপক্ষই ইয়াক সম্পূৰ্ণৰূপে পাহৰি ঘৰলৈ গুচি যায়। সমগ্ৰ নিশা বিদ্যালয় চৌহদত ৰাষ্ট্ৰীয় পতাকাখন উৰি থকা দেখি স্থানীয় ৰাইজৰ মাজত তীব্র ক্ষোভৰ সৃষ্টি হয়। ১৬ আগষ্টৰ পুৱা ঘটনা সন্দৰ্ভত অৱগত হৈ স্থানীয় আৰক্ষীৰ এটা দল বিদ্যালয়খনত উপস্থিত হয়। আৰক্ষীয়ে নিয়মানুসাৰে ৰাষ্ট্ৰীয় পতাকাখন অৱনমন কৰি নিজৰ জিম্মাত লয়।
