দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটৰ এম এছ মোবাইল ষ্টোৰত আজি পুৱতি নিশা সংঘটিত হয় চুৰিকাণ্ড। প্ৰায় ৪ বজাত দুজনীয়া চোৰৰ দল এটাই দোকানখনৰ টিনপাত আৰু ছিলিং কাটি ভিতৰত প্ৰৱেশ কৰি কেবাটাও মোবাইল, মোবাইলৰ সামগ্ৰী আৰু নগদ ধনসহ প্ৰায় ডেৰ লক্ষাধিক টকাৰ সামগ্ৰী লুট কৰি নিয়ে। সমগ্ৰ চুৰিকাণ্ড চিচিটিভি কেমেৰাত বন্দী হৈছে।
ঘটনাৰ পিছতে দোকানৰ গৰাকী মোছলেম উদ্দীন সেখে খাৰুৱাবান্ধা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে দিনৰ প্ৰায় ১ বজাত ঘটনাস্থলীত উপস্থিত হৈ চিচিটিভি ফুটেজ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে।
উল্লেখযোগ্য যে, জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা মাত্ৰ প্ৰায় ৩০ মিটাৰ নিলগত অৱস্থিত ছুপাৰ মাৰ্কেটখনত নৈশ পহৰাৰ ব্যৱস্থা থকাৰ পাছতো এই চুৰিকাণ্ড সংঘটিত হোৱাক লৈ প্ৰশ্ন উত্থাপন হৈছে। দোকানী মোছলেম উদ্দীন সেখে নৈশ পহৰাত চৰম গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে।
তেওঁৰ অভিযোগ অনুসৰি, চুৰিকাণ্ডৰ নিশা নৈশ পহৰাৰ দায়িত্বত থকা এজন লোকে দোকানখনত চোৰ সোমোৱাৰ সন্দেহ কৰিছিল যদিও আন এজন সদস্যই কোনো লোক সোমোৱা নাই বুলি কোৱাত দোকানখন পৰীক্ষা কৰা নহ’ল। ফলত নৈশ পহৰাৰ দায়িত্বত থকা লোকসকলৰ কৰ্তব্যত গাফিলতিৰ লগতে কোনো লোক ভিতৰুৱাভাৱে জড়িত আছে নেকি, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। অৱশ্যে, তদন্তৰ পাছতহে সমগ্ৰ বিষয়টো স্পষ্ট হ’ব।
