উজনি অসমৰ বানাক্ৰান্ত কৃষকসকলৰ জীৱিকা পুনৰুদ্ধাৰ আৰু খেতিপথাৰৰ বৈজ্ঞানিক পুনৰসংস্থাপনৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে এক ব্যাপক দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰিছে। গুৱাহাটীৰ খানাপাৰাস্থিত সম্প্ৰসাৰণ শিক্ষা প্ৰতিষ্ঠানত অনুষ্ঠিত এক উচ্চস্তৰীয় বৈঠকত ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR), কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়, অসম পশুচিকিৎসা আৰু মীন বিশ্ববিদ্যালয় আৰু উত্তৰ-পূৰ্বাঞ্চলীয় মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এই বিষয়ে এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লোৱা হয়।
বানাক্ৰান্ত অঞ্চলত কৃষিকাৰ্য নিয়মীয়াকৈ নিৰীক্ষণ, সমন্বয় আৰু পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ ICAR, কৃষি বিশ্ববিদ্যালয়, চৰকাৰী বিভাগ আৰু NGO-ৰ বিশেষজ্ঞসকলক সামৰি এখন উচ্চস্তৰীয় 'Core Committee' আৰু 'Task Force' গঠন কৰা হৈছে। লগতে NESAC আৰু মহাকাশ প্ৰযুক্তিৰ Satellite/Optical Data ব্যৱহাৰ কৰি শস্যৰ ক্ষয়-ক্ষতি, মাটিৰ উৰ্বৰতা হ্ৰাস আৰু ৰোগ-পোকৰ আক্ৰমণ বৈজ্ঞানিকভাৱে মূল্যায়ন কৰা হ’ব।
কৃষকক কেৱল আৰ্থিক সাহায্য দিয়াই যথেষ্ট নহয় বুলি উল্লেখ কৰি সময়মতে উন্নতমানৰ বীজ, পুলি, গুণগত পশুধন, পশুখাদ্য আৰু অন্যান্য কৃষি উপকৰণ যোগান ধৰাত বিশেষ গুৰুত্ব দিয়া হৈছে। বিশেষকৈ ৰবি শস্য আৰু শাক-পাচলিৰ বীজৰ পৰ্যাপ্ত মজুত নিশ্চিত কৰা হৈছে। বানৰ ফলত সাৰুৱা মাটিৰ গুণাগুণ অৱনমিত হোৱাৰ পৰপ্ৰেক্ষিতত মাটিৰ পুষ্টি পুনৰুদ্ধাৰ আৰু ভৱিষ্যতে বান সহ্য কৰিব পৰা ক্লাষ্টাৰভিত্তিক জলবায়ু-সহনশীল কৃষি ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্য ৰখা হৈছে।
আনহাতে, সভাত পশুপালন আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰঞ্জন কলিতা, ডঃ মৃণাল শইকীয়া, ডঃ সঞ্জয় কুমাৰ চেতিয়া, ডঃ মনোৰঞ্জন নেওগ, NESAC-ৰ বিজ্ঞানী ডঃ জোনালী গোস্বামী, ICAR-ৰ বিশিষ্ট বিজ্ঞানীসকল আৰু ভাৰতীয় কিষাণ সংঘৰ প্ৰতিনিধি কৃষ্ণকান্ত বৰাসহ বহুসংখ্যক কৃষি বিশেষজ্ঞই সক্ৰিয় অংশগ্ৰহণ কৰে।
