ইণ্ডোনেছিয়াৰ মাদুৰা দ্বীপৰ সমীপত এখন যাত্ৰীবাহী ফেৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। দুৰ্ঘটনাত এই পৰ্যন্ত ৫ জন লোকৰ কৰুণ মৃত্যু ঘটিছে আৰু ৪১ জন যাত্ৰী এতিয়াও সন্ধানহীন হৈ আছে। ঘটনাটো পোহৰলৈ অহাৰ পাছতে আঞ্চলিক উদ্ধাৰকাৰী দলে ব্যাপক ৰূপত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় সন্ধান আৰু উদ্ধাৰ সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি, ফেৰীখনত কৰ্মচাৰীসহ মুঠ ২৭১ জন যাত্ৰী আছিল। অগ্নিকাণ্ডৰ পাছতে চলোৱা ক্ষিপ্ৰ অভিযানৰ জৰিয়তে এই পৰ্যন্ত ২২৫ জন যাত্ৰীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলসমূহে। লগতে সন্ধানহীন হৈ থকা ৪১ জন যাত্ৰীৰ সন্ধানত সাগৰত উদ্ধাৰকাৰী নাও আৰু হেলিকপ্টাৰৰ সহায়ত নিৰৱচ্ছিন্ন অভিযান চলাই থকা হৈছে।
সাগৰৰ মাজত ফেৰীখনত হঠাৎ কিদৰে এই ভয়াৱহ জুইৰ সূত্ৰপাত হ’ল, সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই। ইণ্ডোনেছিয়াৰ বিভাগীয় কৰ্তৃপক্ষই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিবলৈ এক উচ্চস্তৰীয় তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে, যোৱা জুলাই মাহত চুলাৱেছি দ্বীপৰ দক্ষিণে অৱস্থিত চেলায়াৰ নামৰ এটা ক্ষুদ্ৰ দ্বীপৰ সমীপত ৭০ জনতকৈ অধিক লোক কঢ়িয়াই অনা এখন ফেৰী ডুব গৈছিল ৷ এই দুৰ্ঘটনাত কমেও চাৰিজন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে ১৪জন লোক নিৰুদ্দেশ হৈছিল ।
