আমেৰিকা আৰু ইৰাণৰ মাজৰ সংঘাত আজি কেইবামাহ ধৰি অব্যাহত আছে। দুয়োখন দেশৰ মাজত চলি থকা এই সংঘাতৰ বাবে সমগ্ৰ বিশ্বই বহু সমস্যাৰ সমুখীন হৈছে। কিন্তু তাৰমাজতে আহিছে এটা ভাল খবৰ। কিয়নো আমেৰিকাই ইৰাণৰ বিৰুদ্ধে সামৰিক অভিযান বা আক্ৰমণ স্থগিত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰিছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দেওবাৰে কয় যে- তেহৰান আৰু মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশে সামৰিক আক্ৰমণ বন্ধ ৰাখিবলৈ কৰা অনুৰোধৰ পাছত আমেৰিকাই ইৰানৰ বিৰুদ্ধে পৰিকল্পিত সামৰিক অভিযান স্থগিত ৰাখিবলৈ সন্মত হৈছে। ট্ৰাম্পে লগতে দাবী কৰে যে- এক সম্ভাৱ্য চুক্তিৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলোৱা হৈছে।
মাৰ্কিন ৰাষ্ট্ৰপতিয়ে সামাজিক মাধ্যম Truth Socialত কৰা এক পোষ্টত তেওঁ কয় যে- আমেৰিকাৰ সেনাবাহিনী সম্পূৰ্ণৰূপে সাজু হৈ আছে আৰু যিকোনো সময়তে ইৰাণৰ বিৰুদ্ধে সামৰিক আক্ৰমণ চলাব পাৰে। কিন্তু কূটনৈতিক প্ৰচেষ্টাক আগবঢ়োৱাৰ স্বাৰ্থত পৰিকল্পিত আক্ৰমণ সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।
ট্ৰাম্পে লিখিছে- "আমেৰিকা সম্পূৰ্ণৰূপে প্ৰস্তুত আৰু ইছলামিক ৰিপাব্লিক অৱ ইৰাণৰ বিৰুদ্ধে সম্পূৰ্ণ শক্তিৰে অভিযান চলাবলৈ সক্ষম।" তেওঁ লগতে কয় যে- ইৰাণ আৰু মধ্যপ্ৰাচ্যৰ আন কেইবাখনো দেশে ৱাশ্বিংটনক সামৰিক অভিযান স্থগিত ৰাখিবলৈ আহ্বান জনাইছে।
ট্ৰাম্পৰ মতে- প্ৰস্তাৱিত চুক্তিৰ অধীনত ষ্ট্ৰেইট অৱ হৰমুজ তৎকালীনভাৱে সম্পূৰ্ণৰূপে জাহাজ আহ-যাহৰ বাবে মুকলি কৰা আৰু ইৰাণৰ পাৰমাণৱিক ভাবুকিৰ অন্ত পেলোৱাটো অন্তৰ্ভুক্ত থাকিব। তেওঁ কয়- "এই অনুৰোধৰ ভিত্তিত পৃথিৱীৰ ভৱিষ্যতৰ স্বাৰ্থত আৰু এখন সফল, সমৃদ্ধিশালী ইৰাণ গঢ়ি উঠাৰ লক্ষ্যৰে যদি আমি অতি শীঘ্ৰেই কোনো চুক্তিত উপনীত হ'ব পাৰোঁ, তেন্তে মই আক্ৰমণ স্থগিত ৰাখিবলৈ সন্মত।"
ট্ৰাম্পে এই দাবীও কৰে যে-ইজৰাইলে কূটনৈতিক পথ বাছি লোৱাৰ এই সিদ্ধান্তক সমৰ্থন জনাইছে। অৱশ্যে সম্ভাৱ্য চুক্তিৰ সময়সীমা বা চর্তাৱলীসমূহৰ সম্পৰ্কে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে অধিক তথ্য প্ৰকাশ কৰা নাই। লগতে, তেওঁৰ পোষ্টত উত্থাপিত দাবীসমূহ ইৰাণ বা ইজৰাইলে আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে নে নাই সেয়াও স্পষ্ট কৰা হোৱা নাই।
ইয়াৰ পূৰ্বে ডোনাল্ড ট্ৰাম্পে কৈছিল যে- ইৰাণে আমেৰিকাৰ সেনাবাহিনীক ভাবুকি দিয়া বন্ধ নকৰা আৰু পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ প্ৰচেষ্টা বন্ধ নকৰালৈকে আমেৰিকাই সামৰিক হেঁচা অব্যাহত ৰাখিব। তেওঁ ইৰাণৰ নেতৃত্বৰ সৈতে আলোচনা সফল হোৱাৰ সম্ভাৱনাক লৈও সন্দেহ প্ৰকাশ কৰিছিল।
কেম্প ডেভিড (Camp David)ত অনুষ্ঠিত প্ৰথমবাৰৰ বাবে পোনপটীয়া সম্প্ৰচাৰিত কেবিনেট বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত ট্ৰাম্পে কয় যে- কূটনৈতিক আলোচনা চলি থাকিলেও আমেৰিকাই ইৰাণৰ ওপৰত চাপ অব্যাহত ৰাখিব। ইৰাণক পাৰমাণৱিক অস্ত্ৰ লাভ কৰাত বাধা দিয়াই ৱাশ্বিংটনৰ মুখ্য উদ্দেশ্য বুলি উল্লেখ কৰি ট্ৰাম্পে লগতে কয়- "আমি তেওঁলোকৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিম আৰু অৱশেষত তেওঁলোকে ক'ব যে এতিয়া আৰু সহ্য কৰিব নোৱাৰি।"
তেওঁ পুনৰ কয়- "ইৰানৰ হাতত পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে। যদি তেওঁলোকৰ হাতত পাৰমাণৱিক অস্ত্ৰ থাকিলহেঁতেন, তেন্তে এতিয়ালৈকে সমগ্ৰ মধ্যপ্ৰাচ্য ধ্বংস হৈ গ'লহেঁতেন।" ট্ৰাম্পে লগতে দাবী কৰে যে- ইৰাণে ব্যাপক সামৰিক ক্ষতিৰ সন্মুখীন হৈছে, যদিও দেশখনৰ হাতত এতিয়াও কিছু সীমিত সামৰিক সক্ষমতা অৱশিষ্ট আছে।
উল্লখযোগ্য যে, দুয়োখন দেশৰ মাজত শীঘ্ৰেই সংঘাত আঁতৰাই আলোচনাৰ মাজেৰে শান্তিক বাচনি কৰাতো বিচাৰিছে সকলোৱে। কিয়নো এই দুয়োখন দেশৰ মাজত সংঘাত অব্যাহত থাকিলে ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব অন্য ৰাষ্ট্ৰসমূহৰ ওপৰতো। আৰু ইতিমধ্যে সমগ্ৰ বিশ্বই নিজেই দেখিছে এই সংঘাতৰ কুপ্ৰভাৱ।
