নৰ্থ ইষ্ট মিডিয়া ফ'ৰামৰ বিষয়ববীয়া নিৰ্বাচন প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়াৰ ৰিটাৰ্নিং অফিচাৰ হিচাপে ৰিতুপৰ্ণ ভূঞাই আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰে। বিভিন্ন পদৰ বাবে মুঠ ১০খন মনোনয়নপত্ৰ লাভ কৰিছিল নৰ্থ ইষ্ট মিডিয়া ফ’ৰামে। সকলো প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।
নিৰ্বাচনৰ ফলাফলঃ
সভাপতি: সঞ্জীৱ বৰুৱা
উপ-সভাপতি: সন্দীপ ফুকন
সাধাৰণ সম্পাদক: প্ৰাঞ্জল প্ৰতীম দাস
সহঃ সাধাৰণ সম্পাদক: ৰীমা শৰ্মা
কাৰ্যবাহী সমিতিৰ সদস্যসকল ক্ৰমে-
•দিব্যজ্যোতি গগৈ
•গৌতম ভট্টাচাৰ্য
•সিদ্ধাৰ্থ ভট্টাচাৰ্য
•থেজোতালু নাক্ৰো
•অংকুৰ কলিতা
•মনীষ কুমাৰ শুক্লা
উল্লেখ্য যে, কোষাধ্যক্ষ পদৰ বাবে কোনো মনোনয়নপত্ৰ লাভ কৰা নাছিল নৰ্থ ইষ্ট মিডিয়া ফ’ৰামে। সেয়েহে, ফ'ৰামৰ প্ৰযোজ্য নিয়ম আৰু নিৰ্দেশনা অনুসৰি উক্ত পদ পূৰণ কৰা হ'ব। ইফালে, উত্তৰ-পূব মিডিয়া ফ'ৰামৰ নৱনিৰ্বাচিত বিষয়ববীয়াসকলক আন্তৰিক অভিনন্দন জনায় ৰিটাৰ্নিং অফিচাৰ ৰিতুপৰ্ণ ভূঞাই।
