লোকপিয়ললৈ গৈ দেখিলে শয্যাগত দম্পতীৰ দুৰ্দশাৰ ছবিঃ


 

বিহালী বিধানসভা সমষ্টিৰ কেকুঁৰিজান পঞ্চায়তৰ অন্তৰ্গত তিনিখনিয়া গাঁৱত এক কৰুণ জীৱন-সংগ্ৰামৰ ছবি পোহৰলৈ আহিছে। জৰাজীৰ্ণ চালিৰ তলত দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈ শয্যাগত হৈ আছে বুধুৰাম মাৰ্জি আৰু তেওঁৰ পত্নী। দুয়োগৰাকী স্বামী-স্ত্ৰীৰ অসুস্থতাৰ বাবে পৰিয়ালটো এতিয়া চৰম আৰ্থিক সংকটত দিন কটাবলগীয়া হৈছে।


পৰিয়ালটোৰ একমাত্ৰ কন্যাৰ সামান্য উপাৰ্জনেই এতিয়া অসুস্থ পিতৃ-মাতৃৰ চিকিৎসা, ঔষধ আৰু দুবেলা দুমুঠি আহাৰৰ একমাত্ৰ ভৰসা হৈ পৰিছে। অভাৱ-অনাটনৰ মাজত জৰাজীৰ্ণ ঘৰত পৰিয়ালটোৱে দিন পাৰ কৰিছে।

চৰকাৰী লোকপিয়লৰ কামত গাঁওখনত উপস্থিত হোৱা উত্তৰ ঘাঁহিগাঁৱৰ শিক্ষক সোণমণি বড়াই পৰিয়ালটোৰ এই শোচনীয় অৱস্থা প্ৰত্যক্ষ কৰে। পৰিয়ালটোৰ দুৰৱস্থা দেখি মৰ্মাহত হৈ শিক্ষকগৰাকীয়ে কেৱল চৰকাৰী দায়িত্ব পালন কৰিয়েই ক্ষান্ত নাথাকি মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰে।

তেওঁ নিজাববীয়াকৈ পৰিয়ালটোক কিছু আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে প্ৰয়োজনীয় খাদ্য-সামগ্ৰীও যোগান ধৰে। ইয়াৰ উপৰি পৰিয়ালটোৰ কৰুণ পৰিস্থিতিৰ বিষয়ে সংবাদ মাধ্যমৰ জৰিয়তে সমাজ আৰু প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰে।

এতিয়া অসহায় পৰিয়ালটোৱে চৰকাৰ তথা হৃদয়বান লোকসকলৰ সহায়ৰ আশাৰে বাট চাইছে। শিক্ষক সোণমণি বড়াৰ এই মানৱীয় পদক্ষেপক অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে।

Post a Comment

Previous Post Next Post