অসমৰ বিকাশৰ বাবে ব্যয় হ'ব ৫০ হাজাৰ কোটি টকাঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


 

দেওবাৰে কেবিনেট বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- 

  • ‘উদ্যোগ নিৰ্মাণৰ বাবে ১১৭৪ বিঘা মাটি আৱণ্টন দিয়া হৈছে কেবিনেটত’
  • ‘চাপৰমুখত ৩৭০ বিঘা, চামগুৰি নাহৰবাৰীত ১০০ বিঘা ভূমি আৱণ্টন’
  • ‘চন্দ্ৰপুৰত ৫০৪ বিঘা, সোণাপুৰত ২০০ বিঘা ভূমি আৱণ্টন’
  • ‘AIDCক প্ৰদান কৰা হৈছে এই মাটি’
  • ‘গাখীৰ উৎপাদনৰ বাবে ধেমাজিৰ ২৭ বিঘা মাটি পশুপালন বিভাগলৈ হস্তান্তৰ’
  • ‘চাহ বাগিচা কিনা-বেচাক লৈ SOP প্ৰকাশ কৰিব চৰকাৰে’
  • ৰাজ্যৰ শিক্ষা খণ্ডৰ উন্নয়নৰ বাবেও বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণঃ

    • ‘গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঠনি উন্নয়নৰ বাবে ১০৯ কোটি টকাৰ প্ৰকল্পত অনুমোদন’
    • ‘শৈক্ষিক ভৱন, দুটা হোষ্টেল, ষ্টাফ কোৱাৰ্টাৰ নিৰ্মাণ কৰা হ’ব বিশ্ববিদ্যালয়ত’
    • ‘সৰ্বমুঠ ২৫০ কোটি টকা দিয়া হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ক’
    • ‘৭ ছেপ্টেম্বৰত দেশৰ উপ-ৰাষ্ট্ৰপতি আহিব গুৱাহাটী বিশ্ববিদ্যালয়লৈ’
    • ‘উপ-ৰাষ্ট্ৰপতিয়ে শিলান্যাস কৰিব এই প্ৰকল্পৰ’
  • এতিয়াৰ পৰা পেট্ৰ’ল পাম্প খুলিবলৈ অসম চৰকাৰৰ অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নাই বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ

    • ‘পেট্ৰ’ল ডিপ’ খুলিবলৈ এতিয়াৰ পৰা নালাগে ৰাজ্য চৰকাৰৰ অনুজ্ঞাপত্ৰ’
    • ‘অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম নিৰ্ধাৰণ ৰাজ্য চৰকাৰৰ’
    • প্ৰতিবিধ সামগ্ৰীৰ দাম নিয়ন্ত্ৰণৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটত
    • ‘সুলভ মূল্যৰ দোকানত ১০৫ টকাত লাভ কৰিব ১ কিলো চেনি আৰু ১ কিলো দাইল’


    নতুন উৰণ সেতু নিৰ্মাণৰ সিদ্ধান্তঃ

    • ‘হাৱাইপুৰত নতুন উৰণ সেতু নিৰ্মাণৰ সিদ্ধান্ত’
    • ‘১৫৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’ব উৰণ সেতুখন’
    • ‘গাড়ীত স্ক্ৰেপিং প্ৰক্ৰিয়াক উদ্যোগৰ মৰ্যদা ৰাজ্য চৰকাৰৰ’
    • ‘১৫ বছৰৰ ওপৰৰ বাহনসমূহ স্ক্ৰেপ কৰা হ’ব’
    • ‘তেজপুৰত ৩০০ কোটি টকা ব্যয়সাপেক্ষে স্থাপন হ’ব নতুন প্ৰকল্প’

    অসমৰ বিকাশৰ বাবে ৫০ হাজাৰ কোটি টকা হ’ব ব্যয়ঃ

    • ‘জলজীৱন মিচন আঁচনি পৰিচালনা কৰিবলৈ কমিটী গঠন চৰকাৰৰ’
    • ‘বিকশিত অসমৰ বাবে NABARDৰ পৰা ৰাজ্য চৰকাৰে ল’ব ৩০,০০০ কোটি টকা’
    • ‘সৰ্বমুঠ ৫০,০০০ কোটি টকা ব্যয় হ’ব অসমৰ বিকাশৰ বাবে’
    • ‘৭ বছৰত ব্যয় কৰা হ’ব এই ৫০,০০০ কোটি টকা’
    • ‘NABARDৰ লগত বুজাবুজি চুক্তিত অনুমোদন কেবিনেটত’
    • ‘GMCHত কেন্সাৰ চিকিৎসাৰ বাবে ব্যয় কৰা হ’ব ৬০০ কোটি টকা’
    • ‘প্ৰটন বীন থেৰাপী ক্ৰয় কৰাৰ বাবে এই টকাৰ অনুমোদন কেবিনেটত’
    • ‘প্ৰটন বীন থেৰাপী ক্ৰয় কৰাৰ বাবে বিশ্ববেংকৰ পৰা ৩১৫ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে’
    • ‘২৮৫ কোটি টকা ৰাজ্য চৰকাৰে খৰচ কৰিব প্ৰটন বীন থেৰাপী ক্ৰয় কৰিবলৈ’
    • ‘শিৱসাগৰ, চৰাইদেউত ২,০০০ টকাকৈ প্ৰদান কৰিব অৰুণোদয়ৰ ধন’
    • ‘বাকী জিলাসমূহত প্ৰদান কৰা হ’ব ১,২০০ টকাকৈ অৰুণোদয়ৰ ধন’
    • ‘১০ ছেপ্টেম্বৰত মুকলি কৰা হ’ব অৰুণোদয়ৰ ধন’
    • ‘১ ছেপ্টেম্বৰত বাকী থকা বান ক্ষতিগ্ৰস্তসকললৈ প্ৰদান কৰা হ’ব ১৫,০০০ কৈ বান সাহায্য’
    • ‘১ ছেপ্টেম্বৰত প্ৰেৰণ কৰা হ’ব জীৱন প্ৰেৰণা আচনিৰ ধন’
    • ‘CM FLIGHT আঁচনিৰ ধনো প্ৰদান কৰা হ’ব ১ ছেপ্টেম্বৰত’

    নেপালত সন্ধানহীন অসমৰ ৮জন লোকৰ ওলাইছে সন্ধানঃ

    • ‘নেপালত সন্ধানহীন হোৱা অসমৰ ৮ লোকৰ সন্ধান ওলাইছে’
    • ‘আজি ৫ বজাত ভাৰতৰ সীমান্তত প্ৰৱেশ কৰিব তেওঁলোকে’
    • ‘ধুবুৰী আৰক্ষীয়ে শিলিগুৰিৰ পৰা অসমলৈ লৈ আহিব তেওঁলোকক’
    • ‘অসম চৰকাৰে নজনাকৈয়ো আৰু কেইবাগৰাকীও লোক সন্ধানহীন হৈ থকাৰ সন্দেহ’
    • ‘নেপালত সন্ধান পোৱা মৃত্যুঞ্জয় নাৰ্জাৰীৰো তথ্য নাছিল চৰকাৰৰ হাতত’

    কাৰাগাৰত HIV পজিটিভ চিনাক্ত হোৱাক লৈ উদ্বিগ্ন চৰকাৰঃ

    • ‘HIV পজিটিভ ৰোগীক উপযুক্ত চিকিৎসা দিয়া হ’ব’
    • ‘কাৰাগাৰৰ ভিতৰত HIV কেনেকৈ হৈছে তাৰো তদন্ত কৰা হ’ব’
    • ‘২ আৰু ৩ ছেপ্টেম্বৰত আৰক্ষী অধীক্ষকৰে দেৰগাঁৱত অনুষ্ঠিত হ’ব বৈঠক’
    • ‘১২, ১৩ ছেপ্টেম্বৰত যোৰহাটত জিলা আয়ুক্তৰে অনুষ্ঠিত হ’ব কনফাৰেন্স’
    • ‘ড্ৰাগছ সৰবৰাহৰ প্ৰসংগক লৈ অনুষ্ঠিত হ’ব গুৰুত্বপূৰ্ণ বৈঠক’
    • ‘অৰুণাচলৰ পৰা চাংলাং হৈ অসমলৈ ড্ৰাগছ সৰবৰাহ কেনেকৈ হৈছে, হ’ব পৰ্যালোচনা’

Post a Comment

Previous Post Next Post