ধুবুৰী চহৰত ভুৱা আৰক্ষীৰ পৰিচয় দি ব্যৱসায়ীক ফোনযোগে ভাবুকি প্ৰদান কৰি ধনদাবী কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি চহৰখনৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অভিযোগ অনুসৰি, দুৰ্বৃত্তই ধুবুৰী চহৰৰ ১ নং ৱাৰ্ডত ষ্টেট বেংকৰ সমীপত ব্যৱসায় কৰা এগৰাকী দোকানীক ফোনযোগে নিজকে ধুবুৰী সদৰ থানাৰ আৰক্ষী বুলি পৰিচয় দিছিল। ফোন কৰাজনে দোকানীগৰাকীক ড্ৰাগছ আৰু গাঞ্জাৰ ব্যৱসায়ৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰি ভয়-ভাবুকি প্ৰদান কৰাৰ লগতে ৩ হাজাৰ টকা দাবী কৰে বুলি জানিব পৰা গৈছে।
দোকানীগৰাকীৰ অভিযোগ অনুসৰি, ৮৮৭৬৮৪২৫১০ নম্বৰৰ পৰা ফোন কৰি তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰা হয়। ঘটনাটোৰ পিছত উপায়হীন হৈ দোকানীগৰাকীয়ে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰাৰ প্ৰস্তুতি চলাইছে।
ইফালে, ধুবুৰীৰ আন এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী প্ৰীতম সাহাকো ফোনযোগে ধনদাবী কৰি ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। একাংশ ব্যৱসায়ীৰ অভিযোগ অনুসৰি, একেটা দুষ্ট চক্ৰই আৰক্ষীৰ লোক বুলি পৰিচয় দি বিভিন্ন লোকক ফোন কৰি ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ চেষ্টা চলাইছে।
ঘটনাসমূহক লৈ ধুবুৰীৰ ব্যৱসায়ী মহলত উদ্বেগ বৃদ্ধি পাইছে। অভিযোগসমূহৰ উচিত তদন্ত কৰি এনে ধৰণৰ ভুৱা পৰিচয়ধাৰী ধনদাবীকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ব্যৱসায়ীসকলে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে।
