যোৱা বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত হাটশিঙিমাৰীত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুই যুৱকৰ কৰুণ মৃত্যু হয়। হাটশিঙিমাৰীৰ পৰা মানকাচৰ অভিমুখে গৈ থকা এম এল ০৫ এক্স ৪৬৩৬ নম্বৰৰ হোণ্ডাই ভাৰ্ণা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা পুখুৰীত বাগৰি পৰে।
দুৰ্ঘটনাৰ পাছতে স্থানীয় ৰাইজে আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীক খবৰ দিয়াৰ লগতে নিজেই উদ্ধাৰ অভিযান চলাই বাহনখনৰ ভিতৰৰ পৰা চালকজনক উদ্ধাৰ কৰি হাস্পাতালত ভৰ্তি কৰে। পাছত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ বাহনখনৰ ভিতৰৰ পৰা আন এজন যুৱককো উদ্ধাৰ কৰে।
দুয়োজনকে ততাতৈয়াকৈ হাটশিঙিমাৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও কৰ্তব্যৰত চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে। নিহত দুজনক মানকাচৰ থানাৰ অন্তৰ্গত দিয়াৰা গাঁৱৰ মুৰাদ হুছেইনৰ পুত্ৰ আল মামুন (২৭) আৰু মুকুল হুছেইনৰ পুত্ৰ মহিত ইছলাম (১৬) বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, দুয়ো বন্ধু হাটশিঙিমাৰীৰ পৰা নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাতে এই ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। দুই বন্ধুৰ অকাল মৃত্যুৰ খবৰে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।
