জিম কৰি থকা অৱস্থাতে মৃত্যু এজন লোকৰ

 



জানিব পৰা মতে নগাঁও চহৰৰ এটা জিমত জিম কৰি থকা অৱস্থাত তেওঁৰ আকস্মিক মৃত্যু হয়। নগাঁও মেডিকেল কলেজৰ সামূহিক চিকিৎসা বিভাগৰ সহযোগী অধ্যাপক গৰাকীৰ মৃত্যু কি পৰিস্থিতিত হ'ল সেয়া জানিব পৰা হোৱা নাই। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ অন্তত এই সকলো দিশ স্পষ্ট হ'ব।


উল্লেখ্য যে, তেওঁ নগাঁও চহৰৰ ইটাচালি আৰক্ষী চকীৰ অন্তৰ্গত আৰ কে পথৰ ফিটনেক্স ইউনিচেক্স( unisex gym) ত জিম কৰিছিল। অধ্যাপক গৰাকীৰ মৃত্যুত নগাঁও চিকিৎসা মহাবিদ্যালয়ত শোকৰ ছাঁ পৰিছে। 

Post a Comment

Previous Post Next Post