কৈ থাকিলে ওৰকে নপৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কাহিনী। আপুনি মই কাহানিও নভবা চিনেমাৰ দৰে এটা কাহিনী সংঘটিত হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। হাস্পতালখনৰ ৰোগী তথা আত্মীয় অহা-যোৱা কৰা মূল পথৰ মাজতে এটি পৰিচয়বিহীন মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ হাস্পতাল চৌহদত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা মতে, কোনো অচিনাক্ত ব্যক্তিয়ে এখন বগা কাপোৰেৰে মেৰিয়াই মৃতদেহটো ৰোগী আৰু সাধাৰণ ৰাইজ চলাচল কৰা পথৰ সোঁ-মাজতে পেলাই থৈ যায়। ব্যস্ত পথটোত দীৰ্ঘসময় ধৰি মৃতদেহটো তেনেদৰে পৰি থকা প্ৰত্যক্ষ কৰি তাত উপস্থিত থকা ৰাইজ আৰু ৰোগীৰ আত্মীয়সকলে চিঞৰ-বাখৰ তথা প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। ৰাইজৰ এই তীব্ৰ প্ৰতিবাদ আৰু হুলস্থুলৰ পিছতহে হাস্পতাল কৰ্তৃপক্ষ সজাগ হয় আৰু মৃতদেহটো ভিতৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰে।
মৃতদেহটো হাস্পতালখনৰ মেডিচিন বিভাগত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যু হোৱা এজন ৰোগীৰ আছিল বুলি সন্দেহ কৰা হৈছে। কিন্তু কোনো ধৰণৰ নিয়ম-নীতি মানি নছলিয়াকৈ, মৃতদেহটো এনেদৰে মুকলি পথত পেলাই থোৱা কাৰ্যই হাস্পতালখনৰ আভ্যন্তৰীণ ব্যৱস্থাপনাৰ ফোঁপোলা স্বৰূপটো আকৌ এবাৰ উদঙাই দেখুৱাইছে। এই ঘটনাৰ পাছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়া তথা কৰ্মীসকলৰ চৰম অমনোযোগিতা আৰু গাফিলতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে প্ৰত্যক্ষদৰ্শীসকলে।
সদায় কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকা বুলি দাবী কৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত কেনেকৈ কোনেও গম নোপোৱাকৈ এটা মৃতদেহ বাটৰ মাজত পেলাই থৈ যাব পাৰিলে, তাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উত্তেজিত ৰাইজে সমগ্ৰ ঘটনাটোৰ এক উচিত তদন্ত আৰু দোষী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে।
