১২ জিলাৰ কংগ্ৰেছ সভাপতি পদত কোনো সালসলনি নাই! বাহাল থাকিব পূৰ্বৰ নেতাসকল



 অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ ১২ খন জিলাৰ কংগ্ৰেছ কমিটীত এক ডাঙৰ সাংগঠনিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ১২ গৰাকী জিলা কংগ্ৰেছ সভাপতিকে পুনৰ তেওঁলোকৰ নিজ নিজ জিলাৰ পূৰ্ণাংগ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই নিৰ্দেশনা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে।

নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই জিলাসমূহত সাময়িকভাৱে নিযুক্তি দিয়া ভাৰপ্ৰাপ্ত সভাপতিসকলক দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। তেওঁলোকে এতিয়াৰে পৰা পূৰ্বৰ পদবীত থাকি দলৰ কাম-কাজ চলাই নিব। জিলা কেইখনৰ কংগ্ৰেছ দলক আগবঢ়োৱা সেৱাৰ বাবে প্ৰদেশ কংগ্ৰেছে তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। বিধানসভা নিৰ্বাচনৰ পাছত জিলা পৰ্যায়ত দলীয় ভেটি পুনৰ সক্ৰিয় আৰু শক্তিশালী কৰাৰ লক্ষ্যৰেই সভাপতি গৌৰৱ গগৈয়ে এই গুৰুত্বপূৰ্ণ সাংগঠনিক পদক্ষেপ গ্ৰহণ কৰিছে।

সভাপতি পদত বাহাল থকা নেতাসকল ক্ৰমে- 

১.তিনিচুকীয়া: দুৰ্গা ভূমিজ

২.চৰাইদেউ: উৎপল গগৈ

৩.শিৱসাগৰ: অজয় কুমাৰ গগৈ

৪.শোণিতপুৰ: কাৰ্তিক কুৰ্মী

৫.হোজাই: ঝিলি চৌধুৰী

৬.পশ্চিম কাৰ্বি আংলং: অগাষ্টিন ইংহী

৭.কাৰ্বি আংলং: ৰাতন ইংতি

৮.কামৰূপ গ্ৰাম্য: প্ৰাঞ্জিত চৌধুৰী

৯.দৰং: ৰিজুমণি তালুকদাৰ

১০.বঙাইগাঁও: গিৰীশ বৰুৱা

১১.নলবাৰী: ৰাতুল পাটোৱাৰী

১২.চিৰাং: মতিলাল নাৰ্জাৰী

Post a Comment

Previous Post Next Post