লখিমপুৰত আৰক্ষীৰ এনকাউণ্টাৰঃ গুলীবিদ্ধ দুটাকৈ জালনোট সৰবৰাহকাৰী


 

পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক। এইবাৰ লখিমপুৰত আৰক্ষীৰ এনকাউণ্টাৰ। জালনোটৰ দুই সৰবৰাহকাৰীক এনকাউণ্টাৰ কৰিলে লখিমপুৰ আৰক্ষীয়ে। আৰক্ষীৰ গুলীত ভৰিত আঘাতপ্ৰাপ্ত হোৱা ব্যৱসায়ী দুটা ক্ৰমে মতিবুৰ ৰহমান আৰু মুকছাবুল আলম বুলি জানিব পৰা গৈছে। 

উল্লেখ্য যে,জালনোটৰ এক বৃহৎ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে মতিবুৰ আৰু মুকছাবুলক আটক কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছতে জালনোট উদ্ধাৰৰ উদ্দেশ্যৰে আৰক্ষীৰ এটা দলে দুয়োটা ব্যৱসায়ীক লগত লৈ দৌলাহাটৰ নাহৰবাৰী অঞ্চলত এক গোপন অভিযান চলাইছিল। কিন্তু অভিযানৰ সময়তে সুযোগ বুজি আৰক্ষীৰ জিম্মাৰ পৰা দুয়োটা জালনোট ব্যৱসায়ীয়ে পলায়নৰ চেষ্টা চলায়।

আৰক্ষীয়ে পলায়ন কৰা অপৰাধী দুটাক বাৰে বাৰে ৰৈ যাবলৈ কোৱাৰ পাছতো আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি পলাবলৈ চেষ্টা অব্যাহত ৰাখে। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰু আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলী দুয়োটা অপৰাধীৰে ভৰিত লাগে আৰু মাটিত বাগৰি পৰে। ঘটনাৰ পাছতে আঘাতপ্ৰাপ্ত মতিবুৰ ৰহমান আৰু মুকছাবুল আলমক আৰক্ষীয়ে ততাতৈয়াকৈ লখিমপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়। 

বৰ্তমান হাস্পতালখনতে আৰক্ষীৰ কটকটীয়া পহৰাৰ মাজত দুয়োৰে চিকিৎসা চলি আছে। জিলাখনত জালনোটৰ ৰকেট উচ্ছেদ কৰাৰ বাবে আৰক্ষীয়ে তদন্ত আৰু অধিক তীব্ৰতৰ কৰি তুলিছে।

Post a Comment

Previous Post Next Post