অস্ত্ৰোপচাৰৰ পিছতে ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ৰঙিয়াৰ স্বস্তি হস্পিতালত উত্তপ্ত পৰিস্থিতি

 


ৰঙিয়াৰ স্বস্তি হস্পিতালত এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অভিযোগ অনুসৰি, অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছতে ২ নং নকুল গাঁৱৰ বাসিন্দা ভবানী কলিতা নামৰ মহিলাগৰাকীৰ মৃত্যু হয়। ইয়াৰ পিছতে চিকিৎসালয়খনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

অভিযোগ অনুসৰি, চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই মহিলাগৰাকীৰ মৃত্যু হয়। ইয়াৰ পাছতে উত্তেজিত লোকসকলে চিকিৎসালয়খনৰ মূল প্ৰৱেশদ্বাৰত তলা লগাই দিয়ে আৰু প্ৰতিবাদ সাব্যস্ত কৰে। এই ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।


Post a Comment

Previous Post Next Post