অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিন। সদনত উত্থাপিত ভিন্ন বিষয়ক লৈ শাসক-বিৰোধীৰ মাজত তীব্ৰ বাক-বিতণ্ডা অব্যাহত আছে। উত্তৰ অসমৰ বানপানীৰ সমস্যাৰ পৰা আদি কৰি অসম চুক্তি ৰূপায়নৰ লৈকে ভিন্ন প্ৰসংগত আজি আলোচনা হৈছে সদনৰ মজিয়াত।
তৃতীয় দিনটোত সদন আৰম্ভ হোৱাৰ পূৰ্বে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে তীব্ৰ কটাক্ষ কৰে বিধায়ক অখিল গগৈক। সদনৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত বিৰোধী দলপতি গৰাকীয়ে কয় যে, মন্ত্ৰীৰ সৈতে তৰ্ক কৰি সময় নষ্ট কৰে অখিল গগৈয়ে। বিৰোধীৰ ভূমিকা পালন নকৰে অখিল গগৈয়ে।
কোনো তথ্য নোহোৱাকৈ অখিল গগৈয়ে সদনত কথা কয় বুলি কটাক্ষ কৰে বিৰোধী দলপতি গৰাকীয়ে। সদনত নিয়ম শৃংখলা মানি চলি বিৰোধীৰ দায়িত্ব পালন কৰিলেহে ৰাইজৰ অভাৱ-অভিযোগবোৰ সুচাৰুভাৱে সদনত উত্থাপন কৰিব পৰা যায় বুলিও মত ব্যক্ত কৰে বিৰোধী দলপতি চৌধুৰীয়ে।
