বকলীয়াঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত এজন


   

বকলীয়াঘাট বাইপাছত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন স্কুটী আৰোহী আৰু আন দুজন যুৱক গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত তথ্য অনুসৰি,  ছাৰমন তেৰণ, হাৰমন ইংতি আৰু খৰছিং ৰংপি নামৰ তিনিজন যুৱকে এখন স্কুটীৰে মাঞ্জা অভিমুখে গৈ থকা অৱস্থাতে বকলীয়াঘাট বাইপাছত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে স্কুটী আৰোহী ছাৰমন তেৰণ নামৰ যুৱকজন থিতাতে নিহত হয়। 

আনহাতে, স্কুটীখনত থকা আন দুজন আৰোহী ক্ৰমে হাৰমন ইংতি আৰু খৰছিং ৰংপি গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ পাছতে স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত আহত দুয়োজনকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Post a Comment

Previous Post Next Post