বিশ্বনাথবাসীৰ বাবে এক সুখবৰ। ৰাজ্য চৰকাৰৰ কায়াকল্প বঁটা ২০২৫-২৬ৰ মূল্যায়নত সমগ্ৰ অসমৰ চৰকাৰী চিকিৎসালয়সমূহৰ ভিতৰত বিশ্বনাথ জিলা চিকিৎসালয়ে দ্বিতীয় স্থান দখল কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। চলিত মাহতে গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত চিকিৎসালয়খনক নগদ ধনৰ লগতে আনুষ্ঠানিকভাৱে এই সন্মান প্ৰদান কৰা হ'ব।
উল্লেখ্য যে, ৰাজ্য চৰকাৰে চৰকাৰী চিকিৎসালয়সমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্যসেৱাৰ মানদণ্ড, ৰোগীসেৱা, পৰিচালনা ব্যৱস্থা আৰু সামগ্ৰিক কাৰ্যদক্ষতাৰ ওপৰত ভিত্তি কৰি এই কায়াকল্প বঁটা প্ৰদান কৰে। এই মূল্যায়নত উৎকৃষ্ট ফলাফল দেখুৱাই বিশ্বনাথ জিলা চিকিৎসালয়ে ৰাজ্যজুৰি বিশেষ স্বীকৃতি লাভ কৰিছে।
ইফালে, চিকিৎসালয়খনত অধ্যক্ষ ডাঃ ৰিপুন চেতিয়াই দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা এক লক্ষণীয় পৰিৱৰ্তন দেখা গৈছে। সীমিত চিকিৎসক, স্বাস্থ্য বিষয়া আৰু স্বাস্থ্যকৰ্মীৰ মাজতো চিকিৎসালয়খনৰ সকলো বিভাগত শৃংখলাবদ্ধ পৰিচালনা, পৰিষ্কাৰ-পৰিচ্ছন্ন পৰিৱেশ আৰু উন্নত ৰোগীসেৱা নিশ্চিত কৰাৰ বাবে এক সুসংগঠিত পদক্ষেপ গ্ৰহণ কৰা হয়।
আনহাতে, সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰতো বিশ্বনাথ জিলা চিকিৎসালয়ে ৰাজ্যত এক বিশেষ দৃষ্টান্ত স্থাপন কৰিছে। চিকিৎসালয়খনত ইতিমধ্যে শতাধিক সৰ্পদংশিত ৰোগীক সফলভাৱে চিকিৎসা প্ৰদান কৰি নতুন জীৱন দিয়া হৈছে, যি ৰাজ্যৰ ভিতৰতে এক উল্লেখযোগ্য সাফল্য হিচাপে বিবেচিত হৈছে।
