৪ বছৰৰ পিছত এজনৰ মৃত্যু, বৃদ্ধি পাইছে সংক্ৰমণ



পুনৰ হ'ব নেকি লকডাউন? আকৌ পিন্ধিব লাগিব নেকি মাস্ক, লগাব লাগিব নেকি চেনিটাইজাৰ? এতিয়া দেশত এই আশংকা দেখিবলৈ পোৱা গৈছে। কাৰণ দেশত আকৌ বৃদ্ধি পাইছে ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ। সুদীৰ্ঘ ৪ বছৰৰ পাছত পুনৰ ক'ভিড ১৯ত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। 

এই ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশত। অন্ধ্ৰপ্ৰদেশৰ কদাপা জিলাত চাৰিদিনৰ চিকিৎসাৰ অন্তত ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হয় ৪৬ বছৰীয়া এজন লোকৰ।

ইফালে, শেহতীয়াকৈ ক'ভিড ১৯ত আক্ৰান্ত হৈছে বিগবছ ১৪ৰ প্ৰতিযোগী জন কুমাৰ ছানু। হাস্পতালৰ বিচনাৰ পৰা এটি ভিডিঅ' প্ৰস্তুত কৰি এই কথা অনুৰাগীৰ আগত সদৰী কৰিছে । লগতে আন ৪ জন নতুন আক্ৰান্তৰ কথাও পোহৰলৈ আহিছে। 

উল্লেখযোগ্য যে, ক'ৰোনা ভাইৰাছত আক্রান্ত হোৱা চাৰিজন লোকৰ ভিতৰত তিনিজন হোম আইছ’লেশ্যনত থকাৰ বিপৰীতে চতুর্থজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ আটাইতকৈ আচৰিত কথাটো হ’ল যে যিসকলৰ পজিটিভ পোৱা গৈছিল তেওঁলোকে কমেও দুটা ড’জ ক’ভিড ভেকচিন লাভ কৰিছিল, আনকি এজনে বুষ্টাৰ ড’জও লাভ কৰিছিল৷ ৪ বছৰৰ পাছত পুনৰ দেশত ক'ভিড আক্ৰান্তৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে।

Post a Comment

Previous Post Next Post