১৩ জুলাইত অসম বিধানসভাৰ অধিৱেশনত শূণ্যকালীন সময়ত সুন্দৰীদিয়া সত্ৰ আৰু বামুনা সত্ৰৰ নিচেই কাষতে এখন বিলাতী সুৰাৰ বিপনী খোলাৰ বাবে এটা মহলে চলাই থকা পদক্ষেপ সন্দৰ্ভত বিধায়ক জাকিৰ হুছেইন শিকদাৰে উত্থাপন কৰা এটা প্ৰশ্নৰ ওপৰত হোৱা আলোচনা আৰু বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ সবল স্থিতিৰ বাবে আবকাৰী মন্ত্ৰী অতুল বৰাই সুন্দৰীদিয়া আৰু বামুনা সত্ৰৰ কাষত স্থাপন কৰিবলগীয়া সুৰাৰ বিপনীখনৰ অনুমতি বন্ধ কৰা হ'ব বুলি কৰা ঘোষণাক অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিৰ সভাপতি গোবিন্দ তালুকদাৰ,সম্পাদক দিলীপ মেধি আৰু প্ৰচাৰ সম্পাদক যুগান্ত বায়নে বিপুলভাৱে আদৰণি জনাইছে।
উল্লেখযোগ্য যে, সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতি আৰু সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী আৰু সুন্দৰীদিয়া সত্ৰ পৰিচালনা সমিতিয়ে বৰপেটা জিলা আয়ুক্তক প্ৰদান কৰা স্মাৰক পত্ৰ যোগে মদৰ দোকান খোলাৰ অনুমতি নিদিবলৈ দাবী জনাইছিল আৰু এই সম্পৰ্কত বাতৰি প্ৰকাশ হোৱাৰ পিছত তৎকালীনভাবে সত্ৰৰ কাষত সুৰাৰ বিপনী খোলাৰ কাৰ্য বন্ধ কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্ত সত্ৰ সংস্কৃতিৰ পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ এনে সবল পদক্ষেপ অতি আদৰণি জনায়। এই ক্ষেত্ৰত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ ভূমিকাও অতি আদৰণীয় বুলি অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিযে মত প্ৰকাশ কৰিছে।
