চাৰিকড়ীয়া ক্লাৱ হাউচত ৭ দিনীয়া মুখা নিৰ্মাণ প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন




  

অসমৰ লোক সংস্কৃতিৰ ক্ষেত্ৰখনৰ এক প্ৰাচীন আৰু ঐতিহাসিক লোককলা হৈছে মুখা শিল্প। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰায় ১৫শ শতিকাতে  তেওঁৰ অপূৰ্ব সৃষ্টি ভাওনাত বাঁহ, বেত, কাপোৰ, গোবৰ, মাটি আদি থলুৱা সামগ্ৰী ব্যৱহাৰ কৰি পৌৰাণিক আৰু কাল্পনিক চৰিত্ৰৰ মুখা প্ৰস্তুতেৰে এই লোক শিল্পৰ পাতনি মেলিছিল।

সাম্প্ৰতিক সময়ত এই ঐতিহ্যমণ্ডিত প্ৰাচীন মুখা শিল্পৰ সাৰ্বজনীনতা বৃদ্ধি আৰু জনমুখীকৰণৰ লগতে যুৱ প্ৰজন্মৰ মাজত এই শিল্পৰ কাৰিকৰী দিশৰ পৰিচিতিকৰণৰ প্ৰাসংগিকতা আহি পৰিছে। সত্ৰপীঠ মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰই এই একক লোক শিল্পৰ প্ৰস্তুত, প্ৰসাৰ আৰু প্ৰচাৰত নিৰবিছিন্নভাবে আত্মনিয়োগ কৰি অহাৰ সময়তে ঢকুৱাখনাত এই শিল্পৰ এক বিশেষ কৰ্মশালা ইতিমধ্যে আৰম্ভ হৈছে।

এই মুখাশিল্পৰ সৈতে নৱ প্ৰজন্মক একাত্ম কৰাৰ লক্ষ্যৰে ঢকুৱাখনাৰ চাৰিকড়ীয়া ক্লাৱ হাউচ(দৈয়াং)ত এক ৭ দিনীয়া মুখা নিৰ্মাণ প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ হৈছে। ঢকুৱাখনা নগৰৰ কাঠৰবাৰী গাঁওস্থিত এই চাৰিকড়ীয়া ক্লাৱ হাউচ প্ৰাঙ্গনত দেওবাৰৰ পৰা আৰম্ভ হৈছে এই গ্ৰীষ্মকালীন পৰম্পৰাগত মুখা শিল্প নিৰ্মাণৰ কৰ্মশালা। মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ সুনিপুন লোক শিল্পী, মুখা শিল্পৰ অন্যতম খনিকৰ প্ৰণৱ কুমাৰ বৰা, আৰু ভাস্কৰ জ্যোতি গোস্বামীয়ে মুখা নিৰ্মাণৰ প্ৰণালীবদ্ধ প্ৰশিক্ষণ আগবঢ়াইছে প্ৰশিক্ষাৰ্থী সকলক।

ঢকুৱাখনাৰ অগ্ৰণী সৃষ্টিশীল মঞ্চ "সৃজন" দ্যা  ক্ৰিয়েটিভ আৰ্টচ গ্ৰুপ'ৰ মূৰব্বী, শিল্পী পূৰবী বুঢ়াগোঁহাইৰ বিশেষ উদ্যোগ আৰু আহ্বানত চাৰিকড়ীয়া ক্লাৱ হাউচৰ সহযোগত অহা ১৮ জুলাই পৰ্যন্ত চলিব লগা এই বিশেষ প্ৰশিক্ষণত ঢকুৱাখনাৰ ২৫ গৰাকী ১১ বছৰৰ উৰ্ধৰ আগ্ৰহী যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে।  হাতে কামে নামি পৰিছে কাঠি কামি প্ৰস্তুতেৰে ঐতিহাসিক লোক সম্পদ সৃষ্টিৰ কৌশল আয়ত্ত কৰাত।  ক্লাৱ হাউছৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত দুপৰীয়া ১১ বজাৰ পৰা বিয়লি ১-৩০ বজালৈ অনুষ্ঠিত এই পৰম্পৰাগত মুখা নিৰ্মান কৰ্মশালাৰ জৰিয়তে ঐতিহাসিক স্বকীয় সম্পদৰ সংৰক্ষণ আৰু প্ৰসিদ্ধি লাভৰ সমান্তৰালভাৱে আত্মনিৰ্ভৰশীলতাৰ সেন্দুৰীয়া পথেৰে প্ৰশিক্ষাৰ্থী সকল অগ্ৰসৰ হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে।  অহা ১৮ জুলাইত এই মনোজ্ঞ কৰ্মশালাৰ পৰিসমাপ্তি ঘটিব বুলি ক্লাব হাউছৰ পৰিচালক, নাট্যকৰ্মী গৌতম বুঢ়াগোঁহাইয়ে জানিবলৈ দিছে।

Post a Comment

Previous Post Next Post