বিৰোধী দলৰ দলপতি ৱাজেদ আলি চৌধুৰীয়ে অসম বিধানসভাত সোমবাৰে তথ্য জনসংযোগ ছপা আৰু লেখন সামগ্ৰী বিভাগৰ মন্ত্ৰীক তিনিটা প্ৰশ্ন উত্থাপন কৰিছে। সেই প্ৰশ্ন কেইটা আছিল- অসম চৰকাৰে ২০১৬চনৰ পৰা বৰ্তমানলৈকে প্ৰতি বছৰে চৰকাৰী প্ৰচাৰৰ বাবে কিমান ধন খৰচ কৰিছে? বৈদ্যুতিন মাধ্যম, প্ৰিন্ট মিডিয়া, হৰ্ডিং-বেনাৰ আদিত খৰচ কৰা তথ্য তেওঁ পৃথকে পৃথকে বিচাৰিছে। ইয়াৰ উপৰিও তেওঁ জানিব বিচাৰিছিল- অসমত সৰ্বাধিক টিআৰপি থকা প্ৰথম ৫টা চেনেল কি কি? এই চেনেলসমূহৰ প্ৰতিটোতে প্ৰতি বছৰে চৰকাৰী বিজ্ঞাপনৰ বাবদ কিমান ধন আদায় দিয়া হৈছে?
চৌধুৰীৰ তৃতীয়টো প্ৰশ্ন আছিল- অসমত সৰ্বাধিক ছাৰ্কুলেশ্যন থকা প্ৰথম ১০খন অসমীয়া/হিন্দী/ইংৰাজী দৈনিক বাতৰি কাকত কি কি? এই বাতৰি কাকতসমূহত ২০১৬চনৰ পৰা বৰ্তমানলৈকে প্ৰতি বছৰে প্ৰতিখন বাতৰি কাকতত আদায় দিয়া ধনৰ পৰিমান কিমান?
সদনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ এই প্ৰশ্ন কেইটাৰ উত্তৰ প্ৰদান কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। প্ৰথম প্ৰশ্নৰ উত্তৰত অসম চৰকাৰে জানিবলৈ দিয়ে যে, ২০১৬চনৰ পৰা বৰ্তমানলৈকে প্ৰতি বছৰে চৰকাৰী প্ৰচাৰৰ বাবে তলত উল্লেখ কৰা ধৰণে ধন ব্যয় কৰা হৈছে-
- ২০১৬-১৭ বৰ্ষত ২৭,০৬,৪৯,৩১৭ টকা
- ২০১৭-১৮ বৰ্ষত ১৭,২৮,৮০,২৮৭ টকা
- ২০১৮-১৯ বৰ্ষত ২৩,৬১,১২,৯৫৮ টকা
- ২০১৯-২০ বৰ্ষত ৩০,৬৯,৫১,৯৬৫ টকা
- ২০২০-২১ বৰ্ষত ৪৬,৩৫,০৬,৯৪৭ টকা
- ২০২১-২২ বৰ্ষত ৭২,৮২,৭৯,৫৫৯ টকা
- ২০২২-২৩ বৰ্ষত ৭৮,৬৮,৭৬,৩২৪ টকা
- ২০২৩-২৪ বৰ্ষত ১৬০,৯০,০৭,৮০৯ টকা
- ২০২৪-২৫ বৰ্ষত ৬৯,১৭,৪০,০১২ টকা
- ২০২৫-২৬ বৰ্ষত ৭৯,২২,৭৪,৪৫০ টকা
বৈদ্যুতিন মাধ্যম আৰু প্ৰিন্ট মিডিয়া হৰ্ডিং-বেনাৰ আদিৰ খৰচো এই প্ৰশ্নৰ উত্তৰত সংলগ্ন কৰি দিয়ে। সেই অনুসৰি ডিজিটেল মাধ্যমত ২০২৫-২৬ বৰ্ষত ২,৮৮৫৯,০৩৩ টকা বিজ্ঞাপনৰ বাবদ ব্যয় কৰিছে চৰকাৰে। ২০১৬ৰ পৰা ২০২৫ বৰ্ষলৈকে ৰাজ্য চৰকাৰে ডিজিটেল মিডিয়াত কোনো বিজ্ঞাপন দিয়া নাছিল। ২০২৫-২৬ বৰ্ষতহে প্ৰথমবাৰ সেই বিজ্ঞাপন দিয়াৰ কথা উল্লেখ কৰা হৈছে।
ছচিয়েল মিডিয়াতো পোন প্ৰথমবাৰৰ বাবে অসম চৰকাৰে ২০২৫-২৬ বৰ্ষত ২,৬৩,৯১,৪৭৮ টকা ব্যয় কৰা বুলি সদৰী কৰিছে। হৰ্ডিং-বেনাৰত অৱশ্যে ২০১৭-১৮ বৰ্ষৰ পৰা চৰকাৰে ধন ব্যয় কৰিছে। ২০১৬-১৭ বৰ্ষত ইলেক্ট্ৰনিক মিডিয়াত ২২,৫২,৯১০ টকা, হৰ্ডিঙত ১৮,৯৭,৮৮১০০ টকা ব্যয় কৰা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে।
২০২৫-২৬ বৰ্ষত ইলেক্ট্ৰনিক মিডিয়াত ১১,৬২,৬২,২৭০ টকা বিজ্ঞাপনৰ নামত ব্যয় কৰিছে ৰাজ্য চৰকাৰে। সেই বছৰটোত হৰ্ডিং-বেনাৰৰ নামত ৰাজ্য চৰকাৰে ব্যয় কৰা ধনৰ পৰিমান ১৮,৬৬,৭৬,৪৮৮ টকা।
দ্বিতীয় প্ৰশ্নৰ উত্তৰত ৰাজ্য চৰকাৰে জনাইছে যে- চৰকাৰী বিজ্ঞাপনৰ বাবদ ৰাজ্যৰ টেলিভিছন চেনেলসমূহত বিজ্ঞাপন দিবলৈ টিআৰপি অনুসৰি চেনেলৰ ক্ৰম নিৰ্বাচন নকৰে। উক্ত সময়চোৱাত ইলেক্ট্ৰনিক মাধ্যমত ২০১৬-১৭ বৰ্ষত ২২,৫২,৯১০ টকা , ২০১৭-১৮ত ৮০,২৮,৭৫০ টকা, ২০১৮-১৯ত ৫৫,০০,৮২২ টকা, ২০১৯-২০ত ৪৯,৮৪,৭০৭ টকা, ২০২০-২১ত ২,৫৪,৬১,০৪১ টকা, ২০২১-২২ত ১০,৬২,৮৬,৩৫১ টকা, ২০২২-২৩ত ৭,০৩,১৪,৭৫৫ টকা, ২০২৩-২৪ত ৩২,৪৮,৩২,৩৬৪ টকা, ২০২৪-২৫ত ৭,৯৩,৩৯,৫৭০ টকা আৰু ২০২৫-২৬ত ১১,৬২,৬২,২৭০ টকা চৰকাৰে বিজ্ঞাপনৰ নামত ব্যয় কৰিছে।
বিৰোধী দলৰ নেতাগৰাকীয়ে সোধা তৃতীয় প্ৰশ্নটোৰ উত্তৰত চৰকাৰে জানিবলৈ দিয়ে যে- অসমৰ সৰ্বাধিক ছাৰ্কুলেশ্যন থকা প্ৰথম ১০খন অসমীয়া/হিন্দী/ইংৰাজী দৈনিক বাতৰি কাকত হ’ল- আছাম ট্ৰিবিউন, ছেন্টিনেল, অসমীয়া প্ৰতিদিন, আমাৰ অসম, দৈনিক অগ্ৰদূত, দৈনিক খবৰ, দৈনিক জনমভূমি, পূৰ্বাঞ্চল প্ৰহৰী, দৈনিক পূৰ্বোদয় আৰু প্ৰাতঃ খবৰ।
এই কাকত কেইখনত চৰকাৰে দিয়া বিজ্ঞাপনৰ তথ্য উল্লেখ কৰা হৈছে এইদৰে-
দ্য আসাম ট্ৰিবিউনত মুঠ ৪৩,১০,০৮,০৫৩ টকা
- ২০২৬-১৭ চনত- ২,০৪,৫৯,৬৮১ টকা
- ২০১৭-১৮ চনত- ১,৮৯,৪৭,০৮৬ টকা
- ২০১৮-১৯ চনত- ১,৬০,৬৩,৩১৩ টকা
- ২০১৯-২০ চনত ৪,৯৮,৭১,৬৮৮ টকা
- ২০২০-২১ চনত ৩,২৭,২৯,৩০৯ টকা
- ২০২১-২২ চনত ৪,৩৭,৩৩,০৭০ টকা
- ২০২২-২৩ চনত ৪,১৩,৬২,৩৯৫ টকা
- ২০২৩-২৪ চনত ১০,৫৪,৪২,৯৯২ টকা
- ২০২৪-২৫ চনত ৫,৭৩,৮৪,৩৫৪ টকা
- ২০২৫-২৬ চনত ৪,৫০,১৪,১৬৫ টকা
দ্য চেণ্টিনেলত মুঠ বিজ্ঞাপনৰ বাবদ দিয়া ধনৰ পৰিমান ৩০,২০,৭৭,৯৫৮ টকা
- ২০২৬-১৭ চনত- ২,১৯,৯৫,৩২৮ টকা
- ২০১৭-১৮ চনত- ১,৬৩,৭৫,৯৯৮ টকা
- ২০১৮-১৯ চনত- ১,৬১,০১,৪৯৪ টকা
- ২০১৯-২০ চনত- ২,৮৭,২০,৪৮৫ টকা
- ২০২০-২১ চনত- ২,২২,৯৪,২৬৮ টকা
- ২০২১-২২ চনত- ৩,৫৫,৩৮,৩৯৩ টকা
- ২০২২-২৩ চনত- ২,০৮,৯৭,৩৯৭ টকা
- ২০২৩-২৪ চনত- ৭,৭২,৫৪,৬৫২ টকা
- ২০২৪-২৫ চনত- ২,৯২,৯৬,২১৫ টকা
- ২০২৫-২৬ চনত- ২,৩৬,০৩,৭২৮ টকা
আমাৰ অসমত বিজ্ঞাপনৰ বাবদ দিয়ে মুঠ ১৯,৫৯,৪০,৯৪১ টকা
- ২০২৬-১৭ চনত- ৮১,০৮,১১৪ টকা
- ২০১৭-১৮ চনত- ১,০৪,৮২,১২৮ টকা
- ২০১৮-১৯ চনত- ১,০১,৮৩,৬২৯ টকা
- ২০১৯-২০ চনত- ১,৭৩,০০,১৫৩ টকা
- ২০২০-২১ চনত- ১,৩৭,০৬,৬২২ টকা
- ২০২১-২২ চনত- ২,২৬,৩০,৮১২ টকা
- ২০২২-২৩ চনত- ২,১৬,৫৬,২৩২ টকা
- ২০২৩-২৪ চনত- ৪,৬৩,৬৪,৫৬২ টকা
- ২০২৪-২৫ চনত- ২,৪৭,৫০,৯৪১ টকা
- ২০২৫-২৬ চনত- ২,০৭,৫৭,৭৪৮ টকা
অসমীয়া খবৰত মুঠ ১৪,১৮,৭১,৫০৯ টকা
- ২০২৬-১৭ চনত- ৩৪,২২,০৩০ টকা
- ২০১৭-১৮ চনত- ৩৬,৮৬,২১২ টকা
- ২০১৮-১৯ চনত- ৬৪,৬৮,৬২৯ টকা
- ২০১৯-২০ চনত- ১,১১,১৫,৮৬৮ টকা
- ২০২০-২১ চনত- ১,৩৯,১১,৪২৪ টকা
- ২০২১-২২ চনত- ১,৬৩,৬৭,৯৫৭ টকা
- ২০২২-২৩ চনত- ১,৭৪,৭৬,০৫২ টকা
- ২০২৩-২৪ চনত- ৩,৬২,৬১,৪৮৩ টকা
- ২০২৪-২৫ চনত- ১,৮১,৫৪,১২৫ টকা
- ২০২৫-২৬ চনত- ১,৫০,০৭,৭২৯ টকা
অসমীয়া প্ৰতিদিনত মুঠ ২১,০৮,৭১,৩০৯ টকা
- ২০২৬-১৭ চনত- ২৮,৩৩,৪৭২ টকা
- ২০১৭-১৮ চনত- ৪২,২৩,৯৮৩ টকা
- ২০১৮-১৯ চনত- ১,০৬,৩৫,৪২৪ টকা
- ২০১৯-২০ চনত- ১,৩৪,৮১,৪৮৫ টকা
- ২০২০-২১ চনত- ১,৯১,৬৯,৯৯৯ টকা
- ২০২১-২২ চনত- ২,৫২,২৮,০৭৫ টকা
- ২০২২-২৩ চনত- ২,৭৯,৮৬,০৭৬ টকা
- ২০২৩-২৪ চনত- ৫,৬৯,৪৪,২১৫ টকা
- ২০২৪-২৫ চনত- ২,৯২,০৪,৩৪১ টকা
- ২০২৫-২৬ চনত- ২,১১,৬৪,২৩৯ টকা
দৈনিক অগ্ৰদূতত মুঠ ১৭,১৫,৪৭,৮৮৯ টকা
- ২০২৬-১৭ চনত- ৪৮,৪৫,৩৪৭ টকা
- ২০১৭-১৮ চনত- ১,০৭,৭৫,৬৩০ টকা
- ২০১৮-১৯ চনত- ৯৪,৪৪,৫৯১ টকা
- ২০১৯-২০ চনত- ১,৫৮,২৯,৪১৮ টকা
- ২০২০-২১ চনত- ১,৬৬,১৪,০৪১ টকা
- ২০২১-২২ চনত- ২,১৮,৮৫,০৫৩ টকা
- ২০২২-২৩ চনত- ১,৯১,৩৭,০৭৯ টকা
- ২০২৩-২৪ চনত- ৪,০৪,৮৮,০৮৬ টকা
- ২০২৪-২৫ চনত- ১,৮৮,৫১,৩৭৫ টকা
- ২০২৫-২৬ চনত- ১,৩৬,৭৭,২৬৯ টকা
