বিশাল নামৰ এজন যুৱক। সংগীত তেওঁৰ বৰ প্ৰিয়। জুবিন গাৰ্গ তেওঁৰ সাংগীতিক যাত্ৰাৰ আদৰ্শ। কঠোৰ সংগ্ৰামৰ মাজেৰে তেওঁ কৰে সংগীতৰ সাধনা।
কিন্তু সফলতাৰ পৰা তেওঁ প্ৰায়েই বঞ্চিত হয় যদিও মন ডাঠ কৰি সংগীত চৰ্চা কৰি গৈ থাকে। এদিন তেওঁ এটা অপ্ৰত্যাশিত অভিজ্ঞতাৰ সন্মুখীন হয়। তাৰ পাছতে সংগ্ৰামী শিল্পী বিশালৰ জীৱনলৈ আহে এক নতুন গতি।
পিছে এই বিশাল কোনো বাস্তৱ চৰিত্ৰ নহয়। এই চৰিত্ৰ দেখা পোৱা যাব ৰূপালী পৰ্দাত। কিয়নো প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই বেংগলৰ পৰা নিৰ্মাণ হ’ব এখন মিউজিকেল ড্ৰামা ছবি। ছবিখনৰ নাম ‘লাভ ইউ জুবিন দা’।
ইতিমধ্যে ছবিখনৰ প্ৰাৰম্ভমিক কাম সম্পূৰ্ণ হোৱাৰ পাছতে গুৱাহাটীত মুকলি কৰা হয় লাভ ইউ জুবিনদাৰ প্ৰথমখন অফিচিয়েল পোষ্টাৰ। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাতেৰেই পোষ্টাৰখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
উল্লেখযোগ্য যে, ছবিখনৰ কাহিনী, সংগীত আৰু পৰিচালনাৰ দায়িত্বত আছে শ্ৰী প্ৰীতম । ছবিখনৰ প্ৰযোজক হৈছে এম ডি ফাৰুক উদ্দিন । গ্ৰীবছ মিডিয়া এণ্ড প্ৰডাকশ্বন প্ৰাইভেট লিমিটেড আৰু বৰ্ষা মুভীজৰ বেনাৰত নিৰ্মাণ কৰি থকা হৈছে লাভ ইউ জুবিনদা।
পৰিচালক শ্ৰী প্ৰীতমে জনোৱা অনুসৰি নিৰ্মীয়মাণ ছবিখন তিনিটা ভাষাত মুক্তি দিয়া হ’ব- অসমীয়া, বঙালী আৰু হিন্দী। আনহাতে এই ছবিখনত আগেয়ে মুক্তি নোপোৱা জুবিন গাৰ্গৰ ২টা গীত থাকিব। ইয়াৰ এটা অসমীয়া আৰু আনটো বঙালী ভাষাৰ।
ছবিখনৰ সন্দৰ্ভত পৰিচালক তথা সংগীত পৰিচালক শ্ৰী প্ৰীতমে কয়- ২০১১ চনৰ পৰাই মই সংগীত পৰিচালক হিচাপে টলীউডত জুবিনদাৰ সৈতে বহুকেইটা গান কৰাৰ সৌভাগ্য লাভ কৰিছোঁ । তেওঁৰ সৈতে কাম কৰাৰ সময়ত মই তেওঁক অতি ওচৰৰ পৰা জনাৰ সুযোগ পাইছিলোঁ । তেওঁৰ প্ৰতি থকা সেই মৰম আৰু শ্ৰদ্ধাৰ পৰাই এই ছবিখনৰ চিন্তা মোৰ মনলৈ আহে । ছবিখনৰ জৰিয়তে মই তেওঁলৈ এক আন্তৰিক শ্ৰদ্ধাঞ্জলি যাচিবলৈ চেষ্টা কৰিছোঁ । এই ছবিখন মোৰ জীৱনৰ এক সোণালী অধ্যায় ।
উল্লেখ কৰা প্ৰয়োজন যে, এই ছবিখনৰ জৰিয়তেই অভিনেত্ৰী বৰ্ষা সেনগুপ্তই নায়িকা হিচাপে চলচ্চিত্ৰ জগতত ভুমুকি মাৰিব। একেদৰে মূল চৰিত্ৰত অভিনয় কৰিব নায়ক ইকবাল ৰহিমীয়ে। বৰ্ষা সেনগুপ্ত আৰু ইকবালৰ উপৰি অভিনয় কৰিব পৰাণ বন্দ্যোপাধ্যায়, গীতাৱলী ৰাজকুমাৰী, অভিজিৎ গুহ, পার্থপ্রতিম গোস্বামী, ভায়োলিনা বৰদলৈ, সৌৰভ চট্টোপাধ্যায়, মধুমিতা গুপ্ত আদিয়ে ৷
