বজাৰত এতিয়া সৰ্বসাধাৰণ ৰাইজৰ হাহাকাৰ পৰিস্থিতি। প্ৰতিদিনেই ইটোৰ পাছত সিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পাবলৈ ধৰিছে। এইবাৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে চাউল, মিঠাতেল,চেনি আৰু পিয়াঁজৰ দৰে অতি জৰুৰী দৈনিক ব্যৱহাৰ্য সামগ্ৰীৰ দাম। যাৰ ফলত মধ্যবিত্ত আৰু নিম্নবিত্ত পৰিয়ালসমূহৰ লগতে সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে, বজাৰত সচৰাচৰ ব্যৱহাৰ হোৱা বিভিন্ন ব্ৰেণ্ডৰ চাউলৰ দাম প্ৰতি বেগত ১৫০ টকাৰ পৰা ৩০০ টকালৈকে বৃদ্ধি পাইছে। সোণাশক্তি চাউলত পূৰ্বৰ মূল্য ১৫৭০ টকাৰ পৰা বৃদ্ধি পাই বৰ্তমান হৈছেগৈ ১৮২০ টকা। আৰহাম ব্ৰেণ্ডৰ চাউলত পূৰ্বৰ মূল্য ১২৮০ টকাৰ পৰা বৃদ্ধি পাই বৰ্তমান হৈছেগৈ প্ৰায় ১৪৩০ টকা। লক্ষীভোগ চাউলত পূৰ্বৰ মূল্য ১২৩০ টকাৰ পৰা বৃদ্ধি পাই বৰ্তমান হৈছেগৈ প্ৰায় ১৩৮০ টকা।
আনহাতে, মিঠাতেলৰ দামো ব্ৰেণ্ডভেদে প্ৰতি লিটাৰত ১০ টকাৰ পৰা ২৫ টকালৈকে বৃদ্ধি পাইছে। ইঞ্জিন মিঠাতেলত পূৰ্বৰ মূল্য ২৩৭ টকাৰ পৰা বৃদ্ধি পাই এতিয়া হৈছেগৈ প্ৰায় ২৫৫ টকা। ধাৰা মিঠাতেলত পূৰ্বৰ মূল্য ১৯৫ টকাৰ পৰা বৃদ্ধি পাই বৰ্তমান প্ৰায় ২২০ টকা হৈছেগৈ।
দৈনিক প্ৰয়োজন হোৱা চেনি আৰু পিয়াজৰ মূল্যয়ো সাধাৰণ জনতাৰ মূৰত মাধমাৰ মাৰিছে। প্ৰতি কেজি চেনিত পূৰ্বৰ মূল্য ৪৮ টকাৰ পৰা বৃদ্ধি পাই বৰ্তমান হৈছেগৈ ৫২ টকা। পিয়াজৰ দাম দুগুণ বৃদ্ধি পাইছে। ২৫ টকাৰ পিয়াজৰ প্ৰতি কেজিৰ দাম বৰ্তমান হৈছেগৈ ৫০ টকা।
এইখিনিতে উল্লেখ কৰিব লাগিব যে, এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ফলত সাধাৰণ জনতাই ক্ষোভ প্ৰকাশ কৰিছে। লগতে ৰাইজৰ প্ৰশ্ন— যোগান বিভাগে কিয় বজাৰসমূহত উচিত নিৰীক্ষণ চলোৱা নাই? এনেদৰে মূল্যবৃদ্ধি অব্যাহত থাকিলে অনাগত দিনত সাধাৰণ শ্ৰেণীৰ লোক জীয়াই থকাই কঠিন হৈ পৰিব।
